ETV Bharat / state

তীৰ্থনগৰীৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ গাঁও গঢ়িছে সন্দেহজনক নাগৰিকে

author img

By

Published : Dec 3, 2019, 11:53 PM IST

গ্ৰেজিং ৰিজাৰ্ভৰ ২২হাজাৰ বিঘা ভূমি এতিয়া এই সন্দেহজনক নাগৰিকৰ দখলত। কাণ-সাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ ৷

ETV BHARAT
তীৰ্থনগৰী হাজোৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ গাঁও গঢ়িছে সন্দেহ জনক নাগৰিকে, কিন্তু নিৰৱ চৰকাৰ তথা প্ৰশাসন

হাজো, 3 ডিচেম্বৰঃ তীৰ্থনগৰী হাজোৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ গাঁও গঢ়িছে সন্দেহজনক নাগৰিকে। দিন দুপৰতে টালি-টোপোলা লৈ আহিছে সন্দেহজনক নাগৰিক। স্থানীয় গৰু ম'হ পালকক ৰিজাৰ্ভ এৰি যাবলৈ ভাবুকি সন্দেহজনক নাগৰিকৰ।

হাজাৰ-হাজাৰ বিঘা ভূমিৰে আৱৰি থকা দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভত দপদপনি সন্দেহজনক নাগৰিকৰ। স্থানীয় গৰু মহ পালকক ৰিজাৰ্ভ এৰি যাবলৈ ভাবুকি। দশক দশক ধৰি ৰিজাৰ্ভত মহ পালন কৰা মহ পালকক হত্যাৰ ভাবুকি সন্দেহ জনক নাগৰিকৰ। দোকনীয়া ৰিজাৰ্ভত ক'ৰ পৰা আহিছে সন্দেহ জনক নাগৰিক ! এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে এনেবোৰ দৃশ্যই। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দিনত স্থানীয় গো-ম'হ পালকৰ বাবে সংৰক্ষিত এই দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ২২হাজাৰ বিঘা ভূমি এতিয়া এই সন্দেহজনক নাগৰিকৰ দখলত। ভূমি বেদখলেই নহয়, বছৰ-বছৰ ধৰি ৰিজাৰ্ভত গো-ম'হ পালন কৰা এই সকল থলুৱা গো পালকক ৰিজাৰ্ভ এৰি যাবলৈ নিৰ্দেশ সন্দেহজনক নাগৰিকৰ ।

তীৰ্থনগৰী হাজোৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ গাঁও গঢ়িছে সন্দেহ জনক নাগৰিকে, কিন্তু নিৰৱ চৰকাৰ তথা প্ৰশাসন

আনহাতে একাংশ দালাল ৰাজনৈতিক নেতা আৰু এটা "মানৱ সম্পদ উন্নয়ন" নামৰ NGO ৰ নেতৃত্বত বাংলাদেশী নাগৰিকৰ সংস্থাপন চলিছে বুলি অভিযোগ একাংশ ৰাইজৰ। সন্দেহজনক নাগৰিকক সংস্থাপনৰ নামত প্ৰতিঘৰৰ পৰা ১০ হাজাৰকৈ ধন লোৱাৰ অভিযোগ NGO ৰ বিৰুদ্ধে । জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত এইদৰে অসমতে ভগনীয়া হোৱাৰ দিশত খিলঞ্জীয়া। দিছপুৰৰ পৰা ৪০/৫০ কিঃমিঃ নিলগতেই সংঘটিত হৈছে এই ঘটনা ৷ কিন্তু নিৰব চৰকাৰ তথা প্ৰশাসন ৷ ৰাজ্যত CAB ৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে সন্দেহজনক নাগৰিকে ৰিজাৰ্ভৰ ভূমি দখল কৰি গঢ়িছে গাঁও, কৰিছে খেতি। অতি শীঘ্ৰে এই ভূমি সন্দেহজনক নাগৰিকৰ পৰা বেদখল মুক্ত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- বৰাকে মানি নলয় অসমীয়া ভাষা নহ'লে পুনৰাবৃত্তি হ'ব 60ৰ দশক!

Intro:Slug- HAJO GOW RESERVE OCCUPIED


Script- তীৰ্থনগৰী হাজোৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ গাঁও গঢ়িছে সন্দেহ জনক নাগৰিকে। দিনৰ পোহৰতে টালি টোপোলা লৈ জাকে জাকে আহিছে সন্দেহজনক নাগৰিক। Body:হাজাৰ হাজাৰ বিঘা ভূমিৰে আৱৰি থকা দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভত দপদপনি সন্দেহজনক নাগৰিকৰ। স্থানীয় গৰু মহ পালকক ৰিজাৰ্ভ এৰি যাবলৈ ভাবুকি। দশক দশক ধৰি ৰিজাৰ্ভত মহ পালন কৰা মহ পালকক হত্যাৰ ভাবুকি সন্দেহ জনক নাগৰিকৰ। দোকনীয়া ৰিজাৰ্ভত ক'ৰ পৰা আহিছে সন্দেহ জনক নাগৰিক ! এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে এনেবোৰ দৃশ্যই। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দিনত স্থানীয় গো-মহ পালকৰ বাবে সংৰক্ষিত এই দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ২২হাজাৰ বিঘা ভূমি এতিয়া এই সন্দেহজনক নাগৰিকৰ দখলত। ভূমি বেদখলেই নহয়, বছৰ বছৰ ধৰি ৰিজাৰ্ভত গো-মহ পালন কৰা এই সকল থলুৱা গো পালকক ৰিজাৰ্ভ এৰি যাবলৈ নিৰ্দেশ।Conclusion:একাংশ দালাল ৰাজনৈতিক নেতা আৰু এটা "মানৱ সম্পদ উন্নয়ন" নামৰ NGO ৰ নেতৃত্বত চলিছে বাংলাদেশী নাগৰিকৰ সংস্থাপন। সন্দেহজনক নাগৰিকক সংস্থাপনৰ নামত প্ৰতিঘৰৰ পৰা ১০হেজাৰ কৈ ধন লোৱাৰ অভিযোগ NGO ৰ বিৰুদ্ধে। জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনত এইদৰে অসমত ভগনীয়া হোৱাৰ দিশত অসমীয়া। দিশপুৰৰ পৰা ৪০/৫০ কিঃমিঃ নিলগত এইদৰে সন্দেহজনক বাংলাদেশীয়ে গঢ়িছে গাঁও। নীৰৱ সকলো। ৰাজ্যৰ CAB ৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে সন্দেহজনক নাগৰিকে ৰিজাৰ্ভৰ ভূমি দখল কৰি গঢ়িছে গাঁও, কৰিছে খেতি। অতি শীঘ্ৰে এই ভূমি সন্দেহজনক নাগৰিকৰ পৰা বেদখল মুক্ত কৰাৰ দাবী জনাইছে ৰাইজে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.