ETV Bharat / state

ৰাজনীতি এৰি শিক্ষকৰ ৰূপত বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতা

author img

By

Published : May 25, 2022, 2:28 PM IST

ৰাজ্যত চলি থকা গুণোৎসৱৰ বুধবাৰে তৃতীয়টো দিন ৷ গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি শিক্ষাদানত ব্ৰতী হৈ পৰিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(State BJP president Bhabesh kalita attend gunotsav 2022) ৷ ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ দশম শ্ৰেণীত শিক্ষকৰ ৰূপত দেখা গ’ল ৰাজনৈতিক নেতাগৰাকীক ৷

state-bjp-president-bhabesh-kalita-attend-gunotsav-2022
বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতা

ৰঙিয়া, 25 মে’ : খন্তেক সময়ৰ বাবে ৰাজনীতি এৰি শৈক্ষিক জগতত ব্যস্ত হৈ পৰিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ দশম শ্ৰেণীত শিক্ষকৰ ৰূপত দেখা গ’ল ৰাজনৈতিক নেতাগৰাকীক ৷

দৰাচলতে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত চলি আছে গুণোৎসৱ ৷ বুধবাৰে গুণোৎসৱৰ তৃতীয়টো দিন ৷ সেয়েহে গুণোৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কলিতাই বুধবাৰে উপস্থিত হয় চৰকাৰী বিদ্যালয়খনত(State BJP president Bhabesh kalita attend gunotsav 2022) ৷

শিক্ষকৰ ৰূপত বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতা

নিজৰ ছাত্ৰাৱস্থালৈ মনত পেলাই গেৰুৱা দলৰ নেতাগৰাকীয়ে কয় যে, সুযোগ পালেই তেওঁ ৰাজনীতিৰ পিছতে শৈক্ষিক জগতত জড়িত হ’বলৈ বেছি ভালপায় ৷

তদুপৰি ইতিমধ্যে বন্ধ হোৱা মাদ্ৰাছাসমূহৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ এনেধৰণৰ শিক্ষানুষ্ঠানত বৰ্তমান সময়ৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ সৈতে ফেৰ মাৰিব পৰাকৈ শিক্ষা প্ৰদান কৰা নহয় ৷ গতিকে মানৱ সম্পদ গঢ়াৰ উদ্দেশ্যে ধৰ্মীয় শিক্ষাৰ পৰিৱৰ্তে শিশুসকলক সাধাৰণ ছাত্ৰসকলৰ সৈতে শিক্ষাগ্ৰহণৰ সুযোগ প্ৰদান কৰাটো বৰ্তমান হৈ পৰিছে জৰুৰী ৷ যাৰ বাবে গুণোৎসৱৰ দৰে অনুষ্ঠানৰ প্ৰতিখন বিদ্যালয়ত প্ৰয়োজন আছে ৷

আনহাতে, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়তো বুধবাৰে গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

লগতে চাওক: শিৱসাগৰত বৰ্হি মূল্যায়কৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.