ETV Bharat / state

ভূত বাংলাত পৰিণত বাইহাটা চাৰিআলিৰ পশু চিকিৎসালয়

author img

By

Published : Jun 29, 2021, 1:36 PM IST

ভূত বাংলাত পৰিণত হৈছে বাইহাটা চাৰিআলিৰ শিঙাৰপাৰা পশুপালন ও পশু চিকিৎসালয়খন (Singrapara veterinary hospital) ৷ বছৰ বছৰ ধৰি চিকিৎসালয় খনত নাই কোনো এজন পশু চিকিৎসক ৷ ফলত পশুধনৰ চিকিৎসাৰবাবে হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

Ghost turned into veterinary hospital in Baihata sariali, kamrup
ভূত বাংলালৈ পৰিনত বাইহাটা চাৰিআলিৰ পশু চিকিৎসালয়

কামৰূপ, 29 জুন : দেশে স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰাৰ পাছতো ৰাজ্যত উন্নয়নৰ নামত তাহানিৰ ফোপোলা স্বৰূপটোৰ দৃশ্যকেই সচৰাচৰ দেখিবলৈ পোৱা যায় ৷ উন্নয়নৰ নামত বহু ঢাক-ঢোল বজায় যদিও কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰে ৰাজ্য খনত সামগ্ৰীকভাৱে উন্নয়নৰ দিশত সফল হ’ব পৰা নাই ৷ ইফালে বাট-পথকে ধৰি, স্বাস্থ্য, শিক্ষা, বিশুদ্ধ খোৱা পানী, জলসিঞ্চন ব্যৱস্থাৰে আদি কৰি সকলো দিশতেই তথৈবচ অৱস্থা ৷

এনেধৰণৰ বাতৰি দৈনিক বিভিন্ন কাগজ-পত্ৰ তথা বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাই আহিছে ৷ ইয়াৰ মাজতে তেনে এক অনুৰূপ ঘটনা মঙলবাৰে পোহৰলৈ আহিছে ৷ কামৰূপ জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিস্থিত শিঙাৰপাৰা পশুপালন ও পশু চিকিৎসালয়ত (Singrapara veterinary hospital) । দীৰ্ঘ দিন ধৰি চিকিৎসালয়ত নাই চিকিৎসক ৷ ফলত ক্ৰমান্বয়ে ভূত বাংলাত পৰিণত হৈছে এই চিকিৎসালয়খন ।

ভূত বাংলালৈ পৰিনত বাইহাটা চাৰিআলিৰ পশু চিকিৎসালয়

উল্লেখ্য যে, প্ৰায় 20 বছৰ আগতে শিঙাৰপাৰা অঞ্চলটোৰ প্ৰায় পোন্ধৰ বিশখন গাঁৱৰ পশু ধনৰ চিকিৎসাৰ বাবে স্থাপন কৰা হৈছিল এই চিকিৎসালয় খন ।

কিন্তু চিকিৎসালয়ত নাই কোনো এজন ডাক্তৰ নাই কোনোধৰণৰ ঔষধ ব্যৱস্থা । ইয়াৰ ফলতে ক্ৰমাৎ দিনক দিনে জহিখহি গৈছে চিকিৎসালয় খনৰ গৃহৰ লগতে সকলো সা-সামগ্ৰী । তাৰোপৰি হাস্পতালকখনত পঁকী খুটাৰ সলনি লাগি আছে বাঁহৰ খুটা । অঞ্চলটোৰ ৰাইজে পশু ধনৰ চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসক নাইবা পাঁচ দহ কিলোমিটাৰ আঁতৰলৈ গৈ পশু ধনৰ চিকিৎসা কৰাবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা বিধায়ক দিগন্ত কলিতাক পশু চিকিৎসালয় খন কাৰ্যক্ষম কৰি তুলিবলৈ টানি অনুৰোধ জনাইছে । বিজেপি চৰকাৰখনে গো সুৰক্ষাৰ ক্ষেত্ৰত বহু কথাৰ ফুলজাৰি ফুটাই আছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পশুপালন ও পশু চিকিৎসালয়ৰ অৱস্থা তেনে পুতৌ লগা হৈ আছে ।

লগতে পঢ়ক-আমগুৰিত 6 বছৰে সম্পূৰ্ণ নহ'ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.