ETV Bharat / state

Separate Directorate for Divyangs : আমিনগাঁৱত ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 3, 2021, 9:06 PM IST

শুকুৰবাৰে আমিন গাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা খেলপথাৰত অনুষ্ঠিত হয় আন্তৰ্জাতিক দিব্যাংগ দিৱস (International day of disabled persons 2021) ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিব্যাংগ সকলৰ বাবে সুকীয়াকৈ সঞ্চালকালয় গঠণৰ কথাও ঘোষণা কৰে ।

Separate directorate for divyangs
দিব্যাংগ সকলৰ বাবে সঞ্চালকালয়

বাইহাটা, 3 ডিচেম্বৰ : ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে সুকীয়াকৈ গঠণ কৰা হ’ব দিব্যাংগ সকলৰ বাবে সঞ্চালকালয় (Separate directorate for divyangs) । এই সঞ্চালকায়ৰ বাবে বাজেটত অনুমোদন কৰা হ’ব ধন । শুকুৰবাৰে আমিন গাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা খেলপথাৰত অনুষ্ঠিত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত এইদৰে কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ( Assm CM in Amingaon)।

  • A separate directorate viz Directorate of Social Justice and Empowerment to expedite socio-economic and academic empowerment of the specially abled people will be created.

    By Dec 2022, GoA will give wheel chairs and tri-rickshaws to all people having mobility challenges. pic.twitter.com/gNnnhRtiSA

    — Himanta Biswa Sarma (@himantabiswa) December 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

দিব্যাংগ সকলক বিজেপি চৰকাৰে অধিক গুৰুত্ব দিয়া বুলি মন্তব্য কৰি মুখ্য মন্ত্ৰী শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দিব্যাংগ সকলৰ প্ৰতি অধিক সংবেদনশীল । যাৰ বাবে বিকলাংগ শব্দৰ পৰিৱৰ্তে দিব্যাংগ শব্দ ব্যৱহাৰ কৰি সেইসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে । দিব্যাংগসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা দোহাৰি মুখ্যমন্ত্ৰী জনাই যে, শীঘ্ৰে কেবিনেটত আৰু সা-সুবিধাৰ বিষয়ে আলোচনা হ’ব বুলি কয় (Facilities for disabled person in Assam)। দিব্যাংগ সকলক আগবঢ়াই নিব পাৰিলেহে সামাজিক ন্যায় প্ৰতিষ্ঠা হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

দিব্যাংগ সকলৰ বাবে সঞ্চালকালয়

এই অনুষ্ঠানতে কামৰূপ জিলাৰ ৪,৯৪৩ জন দিব্যাংগ লোকক প্ৰদান কৰা হয় হুইল চেয়াৰ আৰু অন্যান্য উপকৰণ ৷ ইয়াৰ লগতে ৰাজ্যত পঞ্চাশ হাজাৰ দিব্যাংগ লোকক হুইল চেয়াৰ প্ৰদান কৰা হ’ব বুলি ড৹ শৰ্মাই কয় । অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰী অজন্তা নেওগ প্ৰমুখ্য জিলাখনৰ হাজো, পলাশবাৰী, কমলপুৰ, হাজো সমষ্টিৰ বিজেপি বিধায়কসকল ।

ইফালে অমিক্ৰ’ণকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে (Omicron virus in India) । কৰ্ণাটকত ২ ৰ পৰা ১২ জনলৈ বৃদ্ধি পাইছে অমিক্ৰ’ণ আক্ৰান্তৰ সংখ্যা । অসমৰ ক্ষেত্ৰত বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে । ৰাইজলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ভেকচিন যিসকলে লোৱা নাই, সেই সকলে ভেকচিন লওক ।

প্ৰথম পালি ভেকচিন যিসকলে লৈছে, তেওঁলোকক দ্বিতীয় পালি ভেকচিন ল’বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিজ্ঞানীৰ মতে, ভেকচিন লোৱাসকলৰ বিশেষ চিন্তাৰ কাৰণ নাই । প্ৰয়োজনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : Protest in Dibrugarh University: নাহৰৰ দেশত ছাত্ৰ আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.