ETV Bharat / state

MAHA political crisis : কাৰ নিয়ন্ত্ৰণত ৰেডিশ্বনত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ ৰাজকীয় আতিথ্য

author img

By

Published : Jun 25, 2022, 1:37 PM IST

Radisson Blue
Radisson Blue

গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত চলিছে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেল (Maharashtra political crisis centre now Radission Blue Hotel) । অভিজাত হোটেলখনত বাতিল কৰা হৈছে পূৰ্বৰ সকলো ধৰণৰ বুকিং । পানী নসৰকা নিৰাপত্তা ব্যৱস্থা । সাধাৰণ লোকৰ প্ৰৱেশত বাধা । ৰেডিশ্বন ব্লু বৰ্তমান বিজেপি দল আৰু চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্রণত (Radisson Blue under control by BJP) । বাতৰি সংগ্ৰহৰ বাবে যোৱা বাহিৰৰ সাংবাদিককো হোটেল কৰ্তৃপক্ষই প্রদান কৰিছে আতিথ্য । অসমৰ ভয়‍াৱহ বান পৰিস্থিতিক লৈ দিল্লীৰ দৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমো উদাসীন ।

গুৱাহাটী,২৫ জুন : গুৱাহাটী মহানগৰীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লু আজিৰ তাৰিখত দেশৰ ৰাজনীতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে (Hotel Radisson Blue now focus point of politics) । কাৰণ এইখন পঞ্চতাৰকা হোটেলতে বাহৰ পাতিছে মহাৰাষ্ট্ৰ চৰকাৰৰ অৰ্ধশতাধিক বিসম্বাদী বিধায়কে । মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰেৰ চৰকাৰ ভঙাৰ ৰণকৌশল প্ৰস্তুত কৰি থকা হৈছে এইখন বিলাসী হোটেলত (Udhav Thakre Government) । চৰকাৰ ভঙা-পতাৰ খেল চলি থকা গুৱাহাটীৰ এই হোটেলখনত বুধবাৰৰ পৰাই মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে বাহৰ পাতিছে ।

মহাৰাষ্ট্ৰৰ বিসম্বাদৰ হোতা একনাথ শিণ্ডেৰ সৈতে বিধায়কসকল
মহাৰাষ্ট্ৰৰ বিসম্বাদৰ হোতা একনাথ শিণ্ডেৰ সৈতে বিধায়কসকল

ইফালে কাৰ্যত মঙলবাৰৰ সন্ধিয়াৰ পৰা সৰ্বসাধাৰণ লোকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে গুৱাহাটীৰ এই অভিজাত হোটেলখনত (Radisson Blue closed for general people) । ইতিমধ্যে বাতিল কৰা হৈছে পূৰ্বৰ সকলো ধৰণৰ বুকিং । মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল সদলবলে হোটেল ৰেডিশ্বন ব্লুত বুধবাৰে পুৱতি নিশা প্ৰৱেশ কৰাৰ পূৰ্বে সমগ্ৰ হোটেল চৌহদত গঢ়ি তোলা হয় নিৰাপত্তা বেষ্টনী । পানী নসৰকা নিৰাপত্তা ব্যৱস্থা কৰা হৈছে হোটেল চৌহদত । উল্লেখ্য যে হোটেল ৰেডিশ্বন ব্লুত বিভিন্ন পৰ্যায়ৰ মুঠ ১৯৬টা কোঠা আছে (Guwahati Radisson Blue has 196 rooms) ।

হোটেল ৰেডিশ্বন ব্লুত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ বাবে ৭০টা বিলাসী কোঠা আছুতীয়াকৈ ৰখা হৈছে যদিও হোটেলখনৰ আন কোঠাৰ একাংশত বিদ্ৰোহী বিধায়কসকলৰ সৈতে অহা ঘনিষ্ঠ লোকে ব্যৱহাৰ কৰি আছে (70 rooms booked for Maharashtra rebel MLAs) । ইফালে অধিকাংশ কোঠাই অব্যৱহৃত হৈ আছে । পঞ্চতাৰকাযুক্ত হোটেলখনৰ ১৯৬টা কোঠাই যে বুকিং কৰিছে এনে নহয় । অনির্দিষ্ট সময়ৰ বাবে হোটেল কর্তৃপক্ষই বন্ধ কৰি দিছে নতুন বুকিং (new booking closed in Radisson Blue) । আনকি বৃহৎ কর্পোৰেট গোষ্ঠীৰ বুকিঙো বাতিল কৰি দিয়া হৈছে । সাধাৰণ লোকৰ বাবে বন্ধ কৰি দিয়া হৈছে হোটেলখনৰ বিলাসী ৰেষ্টুৰেণ্ট ।

ৰেডিশ্বন ব্লুৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
ৰেডিশ্বন ব্লুৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

হোটেলখনত বিভিন্ন অনুষ্ঠানৰ বাবে ব্যৱহাৰ হোৱা বেংকুইট হলো বন্ধ কৰি দিয়া হৈছে । এই পর্যন্ত ৭ দিনৰ বাবে সমগ্র হোটেলখনে বুকিং কৰা হৈছে । ৭ দিনৰ বাবে হোটেলখনৰ কোঠা বুকিঙৰ বাবদ ৫৬ লাখ টকাৰ বিল আদায় দিব লাগিব (56 lacs bill for 7 days) । ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ বিধায়কসকলৰ খাদ্য আৰু অন্যান্য সেৱাৰ বাবদ দৈনিক ব্যয় হৈ আছে প্রায় ৮ লাখকৈ টকা (Maharashtra MLAs spending 8 lakh daily) । উল্লেখ্য যে চুৰাটৰ পৰা গুৱাহাটীলৈ অহাৰ বাবে বিদ্রোহী বিধায়কসকলে স্পাইচ জেটৰ এখন বিমান সম্পূৰ্ণৰূপে ভাড়া কৰিছিল (Rebel MLAs hired Spice Jet plane) । এই বিমানখনত বিধায়কসহ মুঠ ৫৩ জন যাত্রী আহিছিল । হোটেলখনত থকা বিলাসী ৰেষ্টুৰেণ্টখন বর্তমান তাত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ বাবেহে মুকলি আছে ।

উল্লেখ্য যে এখন পঞ্চতাৰকা হোটেলৰ বহু কোঠা বুকিং কৰাৰ উপৰি পূৰ্বৰ অন্য সকলো বুকিং বাতিল কৰা, অনির্দিষ্টকালৰ বাবে নতুন বুকিং বন্ধ ৰখা, হোটেল চৌহদত সৰ্বসাধাৰণ লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা, অভাৱনীয় নিৰাপত্তা বেষ্টনি গঢ়ি তোলা, আৰক্ষীৰ নিৰ্দিষ্ট কেইজনমান শীর্ষ আমোলাই নিৰন্তৰ হোটেল চৌহদৰ নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰাৰ দৰে ঘটনাসমূহৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে হোটেল ব্লু বৰ্তমান বিজেপি দল আৰু চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্রণত (Hotel Radisson Blue under full control by BJP) । লক্ষণীয়ভাৱে হোটেল চৌহদত অসম বিজেপিৰ কোনো নেতাৰে প্ৰৱেশত অনুমতি দিয়া হোৱা নাই ।

দেশৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকৰ ভিৰ ৰেডিশ্বন ব্লুৰ চৌহদত
দেশৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকৰ ভিৰ ৰেডিশ্বন ব্লুৰ চৌহদত

কেৱল মন্ত্ৰী পীযূষ হাজৰিকা (Piyush Hazarika), অশোক সিংঘল (Ashok Singhal), জয়ন্তমল্ল বৰুৱা (Jayantmalla Baruah), বিধায়ক সুশান্ত বৰগোঁহাই (MLA Sushant Bargohai) আৰু সাংসদ পল্লৱ লোচন দাসৰহে (MP Pallav Lochan Das) প্ৰৱেশৰ অনুমতি আছে । এই ‘পঞ্চ পাণ্ডৱ'ৰ প্রত্যক্ষ তত্ত্বাৱধান আৰু চোকা নীৰিক্ষণৰ মাজত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ককেইজনে হোটেলত সময় অতিবাহিত কৰিছে । হোটেলখনত বাহৰ পতা মহাৰাষ্ট্ৰৰ বিধায়কসকলক যে ৰাজ আতিথ্য প্ৰদান কৰি থকা হৈছে এনে নহয়, বিভিন্ন প্ৰান্তৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা বিভিন্ন সংবাদ প্রতিষ্ঠানৰ সাংবাদিকসকলৰ বাবেও হোটেল চৌহদৰ বাহিৰত বিশেষ ব্যৱস্থা কৰা হৈছে (Special arrangements for journalists from various news organizations)।

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক উত্থান-পতনৰ বাতৰি সংগ্ৰহৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংবাদকর্মীসকলৰ বাবে হোটেল চৌহদৰ বাহিৰত বহাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে টেণ্টৰো ব্যৱস্থা কৰা হৈছে । হোটেলৰ পৰা সংবাদকর্মীসকলৰ বাবে বিভিন্ন সময়ত বিভিন্ন খাদ্যবস্তু নিয়মীয়াকৈ যোগান ধৰি থকা হৈছে । হোটেল কর্তৃপক্ষই বিসম্বাদী বিধায়কসকলক ৰাজকীয় আতিথ্য প্ৰদান কৰাৰ উপৰি বাতৰি সংগ্ৰহৰ বাবে অহা বাহিৰৰ সাংবাদিকসকলকো প্রদান কৰিছে আতিথ্য । কিন্তু কাৰ নিৰ্দেশত সাংবাদিকসকলৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেয়া সম্পূৰ্ণৰূপে ৰহস্যৰ আৱৰ্তত ।

ৰেডিশ্বন ব্লুৰ বাহিৰৰ পৰিৱেশ
ৰেডিশ্বন ব্লুৰ বাহিৰৰ পৰিৱেশ

সাংবাদিকৰ বাবে সুন্দৰ টেণ্ট বনোৱা, বহাৰ বাবে চকীৰ ব্যৱস্থা কৰা, সময়ে সময়ে হোটেলৰ পৰা খাদ্য যোগান ধৰি থকা সেই সকলোবোৰ যেন অদৃশ্য শক্তিৰ নিৰ্দেশতে হৈ আছে । মুঠৰ ওপৰত হোটেল ৰেডিশ্বন ব্লুত বুধবাৰে পুৱাৰে পৰা যি ৰাজকীয় আয়োজন অব্যাহত আছে সেই সকলোবোৰ যেন নিয়ন্ত্রণ হৈ আছে অদৃশ্য শক্তিৰ নিৰ্দেশত । কাৰণ সমগ্ৰ ঘটনা প্ৰৱাহ সন্দৰ্ভত কোনেও মুখ খোলা নাই । ইফালে দেশৰ বহু আগশাৰীৰ সংবাদকর্মী মহাৰাষ্ট্ৰৰ ৰাজনৈতিক উত্থান-পতনৰ বাতৰি সংগ্ৰহৰ বাবে হোটেলৰ সন্মুখত ভিৰ কৰাৰ সময়তে কিন্তু অসম ভয়াৱহ বানৰ কবলত আছে (Many leading newspersons crowding in Hotel Radisson Blue) ।

ৰাজ্যৰ প্ৰায়সংখ্যক জিলা বানৰ কবলত পৰাৰ লগতে ৫০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে (Flood in Assam 2022)। আনকি শিলচৰত অট্ৰালিকাৰ দ্বিতীয় মহলা পৰ্যন্ত পানীত ডুব গৈছে । এক অবৰ্ণনীয় প্ৰলয়ংক‍ৰী বানৰ কবলত পৰি ককবকাই আছে ৰাজ্যবাসী । কিন্তু অসমৰ এই ভয়‍ৱাহ পৰিস্থিতিক লৈ দিল্লীৰ দৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমো উদাসীন, যিটোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । বিৰোধী দলসমূহে গুৱাহাটীত চলা মহাৰাষ্ট্ৰৰ নিকৃষ্ট ৰাজনীতিৰ প্ৰতিবাদ কৰাৰ লগতে বিসম্বাদী বিধায়কসকলক অসম এৰি যোৱাৰ বাবে আহ্বান জনাইছে ।

পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক সংকটে কি ৰূপ লয় সেয়া লক্ষণীয় হ'ব ( Maharashtra's political ups and downs) ।

লগতে পঢ়ক: বিদ্ৰোহী বিধায়কলৈ ঠাকৰেৰ শৰ: জাৰি কৰা হ’ব জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.