ETV Bharat / state

বঙৰাৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী

author img

By

Published : Dec 30, 2020, 7:20 PM IST

দক্ষিণ কামৰূপৰ বঙৰাত পথ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত বাইক আৰোহী ৷ ঘটনাস্থলীত উপস্থিত পলাশবাৰী আৰক্ষী ৷

road-accident-in-bongora-one-injured
বঙৰাৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী

দক্ষিণ কামৰূপ, 30 ডিচেম্বৰ : দক্ষিণ কামৰূপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথ দুৰ্ঘটনাত পতিত হয় 3 খনকৈ বাহন । দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এজন বাইক আৰোহী ।

road-accident-in-bongora-one-injured
দুৰ্ঘটনা সংঘটিত হোৱা বাহন

ঘটনা অনুসৰি, AS-01-DE-6715 নম্বৰৰ বাইক এখনে গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লৈছিল ৷ ঠিক সেই সময়তে গুৱাহাটী দিশৰ পৰা অহা AS-25-EC-7666 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰ এখনে বাইকখনক খুণ্ডা মাৰি নিয়ন্ত্ৰন হেৰুৱাই বকোৰ পৰা গুৱাহাটী অভিমুখী বালিভৰ্তি AS-01-LC-2789 নম্বৰৰ আন এখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।

road-accident-in-bongora-one-injured
দুৰ্ঘটনা সংঘটিত হোৱা বাহন

দুৰ্ঘটনাত বাইক আৰোহীজন গুৰুতৰ ভাৱে আহত হয় । আহত বাইক আৰোহীজনক ততাতৈয়াকৈ আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে, দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযটৰ সৃষ্টি হয় । পৰবৰ্তী সময়ত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ।

road-accident-in-bongora-one-injured
দুৰ্ঘটনা সংঘটিত হোৱা বাহন

লগতে পঢ়ক : 21ৰ পৰা ২৩ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.