ETV Bharat / state

বকোত বাইক দুুৰ্ঘটনাত নিহত এজন

author img

By

Published : Mar 3, 2021, 1:02 PM IST

বকোৰ বন্দাপাৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী ৷ গুৰুতৰভাৱে আহত এজন ৷

বকোত বাইক দুুৰ্ঘটনা ,নিহত এজন
বকোত বাইক দুুৰ্ঘটনা ,নিহত এজন

বকো,3 মাৰ্চ: বকোৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ বন্দাপাৰাৰ ললিতমণি গেছ এজেঞ্চীৰ সমীপত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হৈছে বাইক আৰোহী জিতু কুমাৰ ৰাভা (26) ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ধুপধৰাৰ যোগীপাৰা দিঘলীৰ বনো বড়ো (25) নামৰ আন এজন যুৱক ৷

স্থানীয় লোকৰ ভাষ্য অনুসৰি দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে ৷ গুৰুতৰভাৱে আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ জিএমচিএইচ-লৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে নিহত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচ-লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়কঃ বিপিএফৰ ১২ খন আসনে সাহস দিব মহাজোঁটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.