ETV Bharat / state

ৰঙিয়াৰ উদিয়ানাত শোকাৱহ পথ দুৰ্ঘটনা

author img

By

Published : May 5, 2021, 10:01 AM IST

ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত দ্ৰুতবেগী টেইলৰে মহতিয়ালে বাইক আৰোহীক । দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে ৰঙিয়াৰ উদিয়ানাৰ চাইদুৰ আলী নামৰ যুৱকজন ।

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত শোকাৱহ পথ দুৰ্ঘটনা
ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত শোকাৱহ পথ দুৰ্ঘটনা

ৰঙিয়া, 5 মে’: ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত শোকাৱহ পথ দুৰ্ঘটনা । মঙলবাৰে নিশা দ্ৰুতবেগী এখন টেইলৰে মহতিয়ালে এজন বাইক আৰোহীক । দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰঙিয়াৰ উদিয়ানাৰ চাইদুৰ আলী নামৰ এজন যুৱক । স্থানীয় ৰাইজে জনোৱা মতে, গুৱাহাটী অভিমুখী টেইলৰখনে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চকত ৰৈ থকা পালচাৰ বাইকত খুন্দিয়াই মহতিয়াই নিয়ে । যাৰ ফলত কৰুণ মৃত্যুক আকোৱালি লয় যুৱকজনে ।

ৰঙিয়াৰ উদিয়ানাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে টেইলৰ সহ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘাইপথত যান-বাহন অচল হৈ পৰে ৷ দুৰ্ঘটনাটোত বাইক আৰোহী যুৱকজনৰ মৃতদেহটো চুৰ্ণ-বিচূৰ্ণ হয় । যাৰবাবে এক শোকাকুল পৰিবেশে বিৰাজ কৰে সমগ্ৰ উদিয়ানা অঞ্চলত ।

লগতে পঢ়ক : দৰঙত মঙলবাৰে নতুনকৈ 151 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.