ETV Bharat / state

ৰঙিয়াৰ উদিয়ানাত পথ দুৰ্ঘটনা

author img

By

Published : Apr 22, 2021, 4:46 PM IST

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পথ দুৰ্ঘটনা । গুৱাহাটী অভিমুখী ১৮ চকীয়া ট্ৰাকে খুন্দিয়ালে বলেৰ' পিক আপ ভানক । ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল লোকেল মুৰ্গী ভৰ্তি বলেৰ' পিক আপ ভান ।

ৰঙিয়াৰ উদিয়ানাত পথ দুৰ্ঘটনা
ৰঙিয়াৰ উদিয়ানাত পথ দুৰ্ঘটনা

ৰঙিয়া,২২ এপ্ৰিল: যোৱা ২৪ ঘণ্টাৰ ভিতৰত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় কামৰূপৰ ৰঙিয়াত । ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত সংঘটিত হয় এক পথ দুৰ্ঘটনা । ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল লোকেল মুৰ্গী ভৰ্তি বলেৰ' পিক আপ ভান । গুৱাহাটী অভিমুখী ১৮ চকীয়া এখন ট্ৰাকে এখন বলেৰ' পিক আপ ভানক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ।

তথ্য অনুসৰি, বুধবাৰে নিশা ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে । পথ বন্ধ হৈ থকাৰ সময়তে এএছ ০১ জেচি ০৫২৮ নম্বৰৰ এখন বলেৰ' পিক আপ ভানখনে উদিয়ানাত পথ সলনি কৰিবলৈ লওতে বিআৰ ০৬ জিএ ০৬১০ নম্বৰৰ ট্ৰাকখনে খুন্দিয়ায় । যাৰ ফলত পথৰ ওপৰতে বাগৰি পৰে বলেৰ' পিক আপ ভানখন ৷ দুৰ্ঘটনাটোত আহত হৈছে বলেৰ' পিক আপ ভানখনৰ চালক ।

লগতে পঢ়ক: অ’এনজিচি বিষয়াৰ অপহৰণ জৰিত থকাৰ সন্দেহত আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.