ETV Bharat / state

বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিহদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Sep 11, 2021, 6:51 PM IST

Updated : Sep 11, 2021, 8:45 PM IST

মন্দিৰ নিৰ্মাণৰ বাবে সাহাৰ্য বিচাৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হ'ল গাজবাৰীৰ পৰা বাইহাটালৈ যোৱা এটা পুৰুষ-মহিলাৰ দল ৷ ঘটনাত থিতাতে নিহত দুগৰাকীকৈ মহিলা ৷

road-accident-at-bihdiya-of-kamrup-district
বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিহদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

বাইহাটা, 11 ছেপ্তেম্বৰ: কামৰূপ জিলাৰ বিহদিয়াত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা ৷ এখন এম্বুলেন্স আৰু এখন টেম্পৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় টেম্প খনত থকা দুগৰাকী মহিলা ৷ লগতে গুৰুতৰ ভাৱে আহত হয় আন 7 জনকৈ লোক ৷ আহত সকলক ইতিমধ্যেই গুৱাহাটীলৈ চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰোৱা হৈছে আৰু দুগৰাকী লোকৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে ৷ ইয়াৰে আন দুগৰাকীৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

প্ৰাপ্ত খবৰ মতে, ঘটনাত নিহত তথা আহত হোৱা আটাইকেইগৰাকীয়ে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাক এক সামাজিক কামৰ বাবে সাক্ষাৎ কৰি উভতি যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ আটাই কেইগৰাকী লোকে এটা মন্দিৰ নিৰ্মাণৰ সাহাৰ্যৰ বাবে গাজবাৰীৰ পৰা বিধায়ক দিগন্ত কলিতাক বাইহাটাত থকা কাৰ্যালয়ত লগ ধৰিবলৈ আহিছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, এম্বুলেন্স খনৰ চালকজন সুৰাসক্ত অৱস্থাত থকাৰ বাবেই এই ঘটনা সংঘটিত হয় ৷

বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিহদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘটনা সংঘটিত হোৱাৰ সময়ত এম্বুলেঞ্চ খনৰ চালক আৰু সহযোগী দুয়োজনেই নিচাসক্ত অৱস্থাত আছিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এই অভিযোগৰ ভিত্তিত বিধায়ক দিগন্ত কলিতাই সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে ৷ লগতে দোষীক কোনো কাৰণতে ক্ষমা কৰা নহব বুলি আশ্বাস প্ৰদান কৰিছে ৷

এই ঘটনাত মৃত্যু হোৱা মহিলা দুগৰাকীৰ নাম বিমলা বড়ো, বিলাশ্ৰী বড়ো বুলি জানিব পৰা গৈছে ৷ লগতে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা 2 গৰাকী ক্ৰমে-তুফান বড়ো আৰু ববিতা বড়ো বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে "বড়োলেণ্ড গাহৰি মিছন"

Last Updated : Sep 11, 2021, 8:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.