ETV Bharat / state

ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি

author img

By

Published : Jun 26, 2021, 7:48 AM IST

উত্তৰ পূৱ-সীমান্ত ৰে’লৱেৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰবন্ধকৰ অধীনত ২৪ জনকৈ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ৰেল বিভাগত পুনৰ বহি:ৰাজ্যৰ যুৱকক নিযুক্তি
ৰেল বিভাগত পুনৰ বহি:ৰাজ্যৰ যুৱকক নিযুক্তি

ৰঙিয়া, 26 জুন : পুনৰ ৰাজ্যৰ ৰেল বিভাগত তৎপৰ হৈছে অসম বিৰোধী চক্ৰ ৷ থলুৱা যুৱক-যুৱতীক বঞ্চিত কৰি একাংশ বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে ৰে’ল বিভাগত ৷ এই ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ ৰে’ল সংমণ্ডলত ৷ সম্প্ৰতি ৰঙিয়াৰ ৰে’ল বিভাগত থলুৱা নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়া ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য যে, উত্তৰ পূৱ-সীমান্ত ৰে’লৱেৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰবন্ধকৰ অধীনত ২৪ জনকৈ বহিঃৰাজ্যৰ যুৱকক দিয়া হৈছে নিযুক্তি । জানিবপৰা মতে, নিযুক্তিৰ প্ৰক্ৰিয়াটো যথেষ্ট গোপনে কৰিছিল বিভাগটোৱে । গোপনভাৱে এই নিযুক্তি প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পাৰি ৰঙিয়াৰ ৰে’ল সংমণ্ডলটোত উপস্থিত হয় আছুৰ কৰ্ম-কৰ্তাসকল ।

ৰেল বিভাগত পুনৰ বহি:ৰাজ্যৰ যুৱকক নিযুক্তি

সংমণ্ডলটোৰ উপস্থিত হৈ থলুৱা বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আছু কৰ্মীসকল । ৰে’ল বিভাগে অসমক মাহী আইৰ দৃষ্টিৰে চাই অহা বুলি খেদ প্ৰকাশ কৰে আছু কৰ্মীসকলে ।

একেদৰে ৰে’ল বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত থলুৱাক নিযুক্তি দিয়াৰ বাবে দীৰ্ঘদিনে আন্দোলন কৰি অহাৰ পাচতো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই বিভাগটোৱে ৰাজ্যৰ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । উল্লেখযোগ্য যে, যি সময়ত ৰাজ্যত লাখ লাখ নিবনুৱাই সংস্থাপনৰ অভাৱত ঘৰতে থাকিব লগীয়া হৈছে ৷ সেই সময়তে এনে দৰে ৰাজ্যখনৰ ভিতৰতে বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়া ঘটনাক সহজভাবে ল’ব পৰা নাই বিভিন্ন দল সংগঠনে ৷

যি সময়ত ৰাজ্য চৰকাৰে নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ কথা কৈ আহিছে তাৰপাচতো এনেদৰে ৰাজ্যখনত বহিঃৰাজ্যৰ যুৱক-যুৱতীয়ে নিযুক্তি পোৱা বিষয়টোত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো আশ্চৰ্যজনক ৷

লগতে পঢ়কঃ সন্ধান ওলাব নে আৰক্ষীৰ জোৱান ৰিতু বৰাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.