ETV Bharat / state

ঋতুপৰ্ণ পেগুৰ হত‍্যাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ

author img

By

Published : Jun 14, 2020, 4:35 PM IST

কামৰূপৰ ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰং দলৰ সাব্যস্ত প্ৰতিবাদ । দুদিন পূৰ্বে গুৱাহাটীৰ মাজমজিয়াত দিন-দুপৰতে ৰাইজৰ সন্মুখত ঋতুপৰ্ণ পেগুক হানি-খুচি হত্যা কৰে দুৰ্বৃত্তই ৷

Protest of bajrang party at rangia kamrup assam etv bharat news
ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ

ৰঙিয়া,14 জুন: ৰাজ্যৰ সৰ্বত্ৰে সাব্যস্ত হৈছে ঋতুপৰ্ণ পেগুৰ হত্যাৰ প্ৰতিবাদ ৷ হত‍্যাকাৰীক শাস্তিৰ দাবীত ৰঙিয়াত দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় বজৰং দলে ৷ দলটোৱে গান্ধী মণ্ডপৰ সন্মুখৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বৰলীয়া নৈৰ দলঙত পথ অৱৰোধ কৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে চৰকাৰ বিৰোধী শ্লোগান দি সাব্যস্ত কৰে প্ৰতিবাদ ৷ পথ অৱৰোধ কৰাৰ ফলত সৃষ্টি হয় তীব্ৰ যান-জঁট ৷

ঋতুপৰ্ণ পেগুৰ হত‍্যাৰ প্ৰতিবাদ

উল্লেখ্য যে,দুদিন পূৰ্বে গুৱাহাটীৰ মাজমজিয়াত দিন-দুপৰতে ৰাইজৰ সন্মুখত ঋতুপৰ্ণ পেগুক হানি-খুচি হত্যা কৰে দুৰ্বৃত্তই ৷ সমগ্ৰ ঘটনা চিচিটিভি কেমেৰাত আৱদ্ধ হোৱাৰ পিছত আৰক্ষীয়ে আটক কৰে হত‍্যাকাৰীক ।

লগতে চাওকঃ কৰ'ণাত আক্ৰান্ত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.