ETV Bharat / state

বাইহাটা চাৰিআলিৰ গুইয়া পঞ্চায়তত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 16, 2021, 2:13 PM IST

বাইহাটা চাৰিআলিৰ গুইয়া পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাসগৃহ(Pradhan Mantri Awas Yojana) ৰ তালিকাক লৈ সাব্যস্ত প্ৰতিবাদ ৷ ৰাইজৰ অভিযোগ, পূৰ্বতে দুই-তিনিবাৰ চৰকাৰী আৱাসগৃহ পোৱা হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাসগৃহৰ তালিকাত আছে নাম ৷

Pradhan Mantri Awas Yojana
বাইহাটা চাৰিআলিৰ গুইয়া পঞ্চায়তত প্ৰধান মন্ত্ৰী আবাস গৃহৰ তালিকাক লৈ প্ৰতিবাদ

বাইহাটা, 16 জুন : বাইহাটা চাৰিআলিৰ গুইয়া পঞ্চায়তত প্ৰতিবাদৰ ঢৌ । প্ৰধানমন্ত্ৰী আৱাসগৃহ(Pradhan Mantri Awas Yojana) ৰ হিতাধিকাৰীৰ তালিকাক লৈ সাব্যস্ত এই উত্তাল প্ৰতিবাদ । অৰ্ধ শতাধিক পুৰুষ-মহিলাই পঞ্চায়তটোৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । চৰকাৰী চাকৰি(Government job) থকা ব্যক্তিৰ নাম তালিকাখনত অন্তৰ্ভূক্ত থকাৰ অভিযোগ প্ৰতিবাদী ৰাইজৰ ৷

প্ৰধানমন্ত্ৰী আৱাসগৃহৰ তালিকাক লৈ সাব্যস্ত প্ৰতিবাদ

স্থানীয় ৰাইজে জনোৱা মতে, পূৰ্বতে দুই-তিনিবাৰ চৰকাৰী আৱাসগৃহ পোৱা হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাসগৃহৰ তালিকাত আছে নাম ৷ গাঁৱৰ সদস্যক এটা ঘৰ দিয়াৰ নামত বিশ হাজাৰৰ পৰা ত্ৰিশ হাজাৰলৈ ধন দাবী কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত কৰ্মীসকলৰ বিৰুদ্ধে ৷

আনহাতে, পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দিয়া অনুসৰি পঞ্চায়তটোত এতিয়া চলিছে দালালৰাজ ৷ প্ৰতিবাদকাৰীসকলে এই পঞ্চায়তত স্থানীয় বিধায়ক তথা চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছে ।

লগতে পঢ়ক : নগাঁৱত কেৰেলাৰ বাছ চালকৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.