ETV Bharat / state

দিল্লীৰ প্ৰতিবাদী কৃষকসকলৰ সমৰ্থনত মিৰ্জাত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Dec 5, 2020, 5:09 PM IST

দিল্লীৰ প্ৰতিবাদী কৃষকসকলক সমৰ্থন জনাই মিৰ্জাত প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন দল সংগঠনৰ ৷ কৃষকসকলে ৮ ডিচেম্বৰত ঘোষণা কৰা ভাৰত বন্ধ সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীয়ে ৷

As_kam_protest_againts_farmer_act_vis_as10020
দিল্লীৰ প্ৰতিবাদী কৃষকসকলৰ সমৰ্থনত মিৰ্জাত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

আজাৰা,5 ডিচেম্বৰ: দেশৰ ৰাজধানী নতুন দিল্লীত অব্যাহত আছে কৃষক বিদ্ৰোহ । এন ডি এ চৰকাৰৰ কাৰ্যকালত সংশোধিত তিনিখন আইনক কৃষক সমাজে জনবিৰোধী বুলি অভিহিত কৰিছে ৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাটৰ পৰা অহা হেজাৰ হেজাৰ কৃষকে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে নতুন দিল্লীত ৷

দিল্লীৰ প্ৰতিবাদী কৃষকসকলৰ সমৰ্থনত মিৰ্জাত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

তাৰ সমান্তৰালভাৱে মিৰ্জাৰ মামনী ৰয়চম চ'কত শনিবাৰে চি আই টি ইউ, কৃষক মুক্তি সংগ্ৰাম সমিতি, গণ সাংস্কৃতিক মঞ্চ আৰু অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত দিল্লীৰ প্ৰতিবাদী কৃষকসকলক সমৰ্থন জনাই এক প্ৰতিবাদী কাৰ্য্যসুচী গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে কৃষক বচাওক, দেশ বচাওক, শ্ৰমিক বচাওক আদি বিভিন্ন বেনাৰ পোষ্টাৰ হাতত লৈ কৃষক বিৰোধী তিনিখন আইন বাতিল কৰাৰ দাবী জনায় ৷ দেশৰ কৃষকসকলে ৮ডিচেম্বৰত দিয়া ভাৰত বন্ধ সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক: আজি দিল্লীত কৃষকৰ সৈতে পঞ্চম স্তৰৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.