ETV Bharat / state

Modernization of railway stations: অমৃত ভাৰত ষ্টেচন আঁচনি সন্দৰ্ভত সংবাদমেল

author img

By

Published : Aug 4, 2023, 5:07 PM IST

আধুনিকীকৰণ কৰা হ'ব অসমৰ কেইবাটাও ৰে'ল ষ্টেচন । ভাৰত চৰকাৰৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ১২৫৭ টা ষ্টেচনৰ আধুনিকীকৰণৰ ভিতৰত আধুনিকীকৰণ কৰা হ'ব অসমৰো কেইবাটাও ৰে'ল ষ্টেচন ।

Press Conference on Amrit Bharat Station Scheme
অমৃত ভাৰত ষ্টেচন আঁচনি সন্দৰ্ভত সংবাদমেল

অমৃত ভাৰত ষ্টেচন আঁচনি সন্দৰ্ভত সংবাদমেল

ৰঙিয়া,৪ আগষ্ট: ভাৰত চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ১২৫৭ টা ষ্টেচনৰ আধুনিকীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আধুনিকীকৰণ কৰা হ'ব অসমৰো কেইবাটাও ৰে'ল ষ্টেচন । আধুনিকীকৰণ কৰিবলগীয়া অসমৰ ষ্টেচন কেইটাৰ ভিতৰত ৰঙিয়া ডিভিজনৰ অন্তৰ্গত নিউ বঙাইগাঁও, পাঠশালা, নলবাৰী, ৰঙিয়া, টংলা, ওদালগুৰি, মাজবাট, ৰঙাপাৰা, বিশ্বনাথ চাৰিআলি, গহপুৰ, উত্তৰ লক্ষীমপুৰ, হাৰমতি, ধেমাজি, চিলাপথাৰ আৰু মুৰ্কংচেলেক ।

এই ১৫ টা ষ্টেচনকো একেখন আঁচনিৰ জৰিয়তে আধুনিকীকৰণ কৰা হ'ব । এই বিষয়ে এখন সংবাদমেলযোগে ৰে'ল মাণ্ডলিক বিষয়া নীৰজ গুপ্তাই সবিশেষ জানিবলৈ দিয়ে । ৰঙিয়া ৰে'ল মাণ্ডলিক বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনত ৰে'ল মাণ্ডলিক বিষয়াগৰাকীয়ে কয় যে, আগন্তুক ৬ আগষ্টত দিল্লীৰ পৰা ভাৰ্চুৱেলী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰঙিয়া ডিভিজনৰ পোন্ধৰটাৰ ভিতৰত চাৰিটা ষ্টেচনৰ শিলান‍্যাস কৰিব ।

লগতে পঢ়ক: Sudakshina Sarma tribute ceremony: সুদক্ষিণা শৰ্মালৈ সংগ্ৰাম লগ্নে আজি শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

শিলান‍্যাস হ'বলগীয়া ষ্টেচন কেইটা হৈছে ৰঙিয়া, নিউ বঙাইগাঁও আৰু উত্তৰ ৰাঙাপাৰা । লগতে একে দিনাই মেঘালয়ৰ মেন্দিপথাৰ ষ্টেচনৰো ৱৰ্ল্ড ক্লাছ ষ্টেচন আঁচনিৰ অধীনত শিলান‍্যাস কৰা হ'ব । ৰঙিয়া ষ্টেচন ৪১.৩ কোটি টকা, নিউ বঙাইগাঁও ৫৩.৫ কোটি টকা, উত্তৰ ৰাঙাপাৰা ৫৫.২ কোটি টকা আৰু মেন্দিপথাৰ ৩৯ কোটি টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ।

লগতে বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, ষ্টেচনসমূহৰ উন্নীতকৰণৰ পিছত বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হ'ব । বিশেষকৈ বিনামূলীয়া ৱাইফাই, পৰিষ্কাৰ খোৱা পানী, আধুনিক অনাময় সুবিধা, চিচিটিভিৰ পৰ্যবেক্ষণ, যাত্ৰীসকলৰ বাবে বিভিন্ন সা-সুবিধা তথা বিশ্ৰাম কক্ষ, দিব‍্যাঙ্গসকলৰ বাবে বিশেষ সুবিধা, লগতে ৰে'লৰ ট্ৰেকসমূহৰ আধুনিকীকৰণ কৰা হ'ব ।

উল্লেখ্য যে, উত্তৰ-পূৱৰ ৰে'লখণ্ডৰ উন্নয়ণৰ বাবে ৰে'ল বিভাগে হাতত লৈছে বিভিন্ন পদক্ষেপ । সৌ সিদিনা বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰাৰ পাছতে এইবাৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে ৰাজ্যৰ কেইবাটাও ষ্টেচনৰ আধুনিকীকৰণ কৰাৰ পদক্ষেপ সচাকৈয়ে আশাপ্ৰদ ।

লগতে পঢ়ক: Teenage abused: খোদ আৰক্ষী বিষয়াৰ বাসগৃহত বনকৰা নাবালিকাক নিৰ্যাতনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.