ETV Bharat / state

শীঘ্ৰেই কমলপুৰত আৰম্ভ হ'ব মৰণোত্তৰ পৰীক্ষাৰ সেৱা

author img

By

Published : Aug 24, 2021, 8:18 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত কমলপুৰবাসীয়ে যি কষ্ট স্বীকাৰ কৰিব লগা হৈছিল, সেইয়া অচিৰেই লাঘব হ'ব ৷ কাৰণ শীঘ্ৰেই মহাত্মা গান্ধী অসামৰিক চিকিৎসালয়ত আৰম্ভ হ'ব মৰণোত্তৰ পৰীক্ষাৰ সেৱা ৷

post-mortem-service-to-be-launched-in-kamalpur-soon
শীঘ্ৰেই কমলপুৰত আৰম্ভ হ'ব মৰণোত্তৰ পৰীক্ষাৰ সেৱা

বাইহাটা,23 আগষ্ট: কমলপুৰস্থিত মহাত্মা গান্ধী অসামৰিক চিকিৎসালয়ত শীঘ্ৰেই আৰম্ভ হ'ব মৰণোত্তৰ পৰীক্ষাৰ সেৱা ৷ এই মন্তব্য প্ৰকাশ কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷ মঙলবাৰে কমলপুৰ আৰক্ষী থানাত মৃতদেহ থোৱা শীতল ভৱন এটি মুকলি কৰি এই মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত অঞ্চলবাসীয়ে যি কষ্ট স্বীকাৰ কৰিব লগা হৈছিল, সেইয়া এতিয়া লাঘব হ'ব বুলি মত প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

ইয়াৰ লগতে কমলপুৰত এই মৰণোত্তৰ সেৱা আৰম্ভ হলে কমলপুৰৰ লগতে ৰঙিয়া, বাইহাটা চাৰিআলি, চাংসাৰী, কঞা, উত্তৰ গুৱাহাটী, আমিনগাঁও আৰক্ষী থানাৰ লোক সকলো উপকৃত হ'ব বুলি সদৰি কৰে বিধায়ক গৰাকীয়ে ৷

শীঘ্ৰেই কমলপুৰত আৰম্ভ হ'ব মৰণোত্তৰ পৰীক্ষাৰ সেৱা

বিধায়ক গৰাকীয়ে মাংগলিক অনুষ্ঠানেৰে মৰ্গটো মুকলি কৰাৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, কমলপুৰ মণ্ডল বিজেপিৰ সভাপতি কুমুদ কাকতি, বিহদিয়া জাজিকোণা মণ্ডল বিজেপিৰ সভাপতি উমেশ ডেকাকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে ৷

লগতে পঢ়কঃ পশু-পালকৰ বাবে আহুকালহে হ’ল নেকি গো-সুৰক্ষা আইন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.