ETV Bharat / state

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কোটি টকীয়া পথৰ নমুনা

author img

By

Published : Jun 27, 2019, 8:57 PM IST

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কোটি টকীয়া পথৰ নমুনা

ডিমৰীয়া অঞ্চলৰ এটি পথ নিৰ্মাণ কৰাৰ পিছতে তৰপে তৰপে এৰাইছে ব্লেক টেপিং

ডিমৰীয়া, 27 জুন: ডিমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত হহৰা গাওঁ পঞ্চায়ত আৰু তেতেলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত তেতেলীগুৰি পথৰ পৰা মিটনী জগন্নাথ মন্দিৰ আৰু হহৰা সংযোগী পথৰ নিৰ্মাণ কাৰ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথটিৰ নিৰ্মাণ কৰিছিল,কিন্তু পথটি নিৰ্মাণ কৰাৰ পিছতে পথটিৰ পৰা চপৰা চপৰে খহিছে ব্লেক টেপিং। কিয়নো একাংশ দালালৰূপী ঠিকাদাৰৰ কামৰ নমুনাই সচেতন ৰাইজক বিমুখ কৰা দেখা গৈছে ।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কোটি টকীয়া পথৰ নমুনা

চৰকাৰৰ দুৰ্নীতিমুক্ত শ্লোগানক ভেঙুচালি কৰি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অহা পুজিৰ কোটি কোটি টকা একাংশ গড়কাপ্তানী বিভাগৰ আশীষ প্ৰাপ্ত বিষয়া ঠিকাদাৰে আত্মসাত কৰা দৃষ্টিগোচৰ হৈছে যদিও এই ক্ষেত্ৰত নিমাত হৈ আছে প্ৰশাসন, সেয়াও ৰহস্যজনক হৈ পৰা পৰিলক্ষিত হৈছে । অভিযোগ অনুসৰি শাসকীয় চৰকাৰৰ বহু নেতা পালিনেতাৰ ঘনিষ্ঠ হোৱাৰ বাবেই ঠিকাদাৰ হেমন্ত ভাগৱতীয়ে ডিমৰীয়া অঞ্চলৰ বহু সংখ্যক পথ নিৰ্মাণৰ কামৰ দায়িত্ব লাভ কৰিছে কিন্তু দেখা গৈছে যে কামৰ নামত কেইটামান শিলগুটি আৰু নিম্নমানৰ ব্লেক টেপিং ব্যৱহাৰ কৰি কাম সম্পূৰ্ণ কৰিছে, কাৰপেটিংৰ নামত কেৱল নামমাত্ৰ শিলগুটি আৰু আলকাতৰা ব্যৱহাৰ কৰা হৈছে যাৰ ফলত নৱনিৰ্মিত পথটিত এতিয়া তৰপে তৰপে এৰাই গৈছে ব্লেক টপিং । সচেতন ৰাইজে এই ক্ষেত্ৰত কনিষ্ঠ অভিযন্তাৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে ।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কোটি টকীয়া পথৰ নমুনা


ৰাইজে এতিয়া এটাই আশা কৰিছে যে পৰিৱৰ্তনকামী চৰকাৰৰ সততে ৰাস্তা-ঘাটৰ উন্নয়নৰ কথা কোৱা গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাই এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব ঠিকাদাৰ আৰু বিষয়াসকলৰ বিৰুদ্ধে।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কোটি টকীয়া পথৰ নমুনা
Intro:ডিমৰীয়া অঞ্চলৰ এটি পথৰ ঠিকাদাৰে নিৰ্মাণ কৰাৰ পিছতে তৰপে তৰপে উঠি পৰিছে ব্লেক টপিক , এই ক্ষেত্ৰত চাওঁক আমাৰ এক প্ৰতিবেদন।

Body:ডিমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত হহৰা গাওঁ পঞ্চায়ত আৰু তেতেলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত তেতেলীগুৰি পথৰ পৰা মিটনী জগন্নাথ মন্দিৰ আৰু হহৰা সংযোগী পথৰ নিৰ্মাণ কাৰ্য্যই এতিয়া সকলোৰে চকু কপালত তুলিছে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কাম কৰা পথটিৰ নিৰ্মাণ কাৰ্য কৰিছিল , কিন্তু পথটি নিৰ্মাণ কৰাৰ পিছতে পথটিৰ পৰা চপৰা চপৰে খহিছে ব্লেক টপিক । কিয়নো একাংশ দালালৰূপী ঠিকাদাৰৰ কামৰ নমুনাই সচেতন ৰাইজক বিমুখিত কৰা দেখা গৈছে । দূৰ্নীতিমুক্ত চৰকাৰৰ পৰিবৰ্তনকামী কাম-কাজক বাহ বাহ দিয়াৰ পৰিবৰ্তে এতিয়া চৰকাৰৰ দুৰ্নীতিমুক্ত শ্লোগানক ভেঙুচালি কৰি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অহা পুজিৰ কোটি কোটি টকা একাংশ গড়কাপ্তানী বিভাগৰ আশীষ প্ৰাপ্ত বিষয়া ঠিকাদাৰে আত্মসাত কৰা দৃষ্টিগোচৰ হৈছে যদিও এই ক্ষেত্ৰত নিমাত হৈ আছে প্ৰশাসন , সেয়াও ৰহস্যজনক হৈ পৰা পৰিলক্ষিত হৈছে । অভিযোগ অনুসৰি শাসকীয় চৰকাৰৰ বহু নেলা পালি নেতাৰ ঘনিষ্ঠ হোৱা বাবে ঠিকাদাৰ হেমন্ত ভাগৱতীয়ে ডিমৰীয়া অঞ্চলৰ বহু সংখ্যক পথ নিৰ্মাণৰ কামৰ দায়িত্ব লাভ কৰিছে কিন্তু দেখা গৈছে যে কামৰ নমুনাৰ নামত কেইটামান শিলগুটি আৰু নিম্নমানৰ ব্লেক টপিক ব্যৱহাৰ কৰি কাম সম্পূৰ্ণ কৰিছে , কাৰপেটিংৰ নামত কেৱল নামমাত্ৰ শিলগুটি আৰু আলকাতৰা ব্যৱহাৰ কৰা হৈছে যাৰ ফলত নৱনিৰ্মিত পথটিত এতিয়া তৰপে তৰপে উঠি পৰিছে ব্লেক টপিক । সচেতন ৰাইজে এই ক্ষেত্ৰত কনিষ্ঠ অভিযন্তাৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও কোনো ধৰণৰ সহাৰি লাভ নকৰিলে ।

Byte 1, 2 and 3Conclusion:ৰাইজে এতিয়া এটাই আশা কৰিছে যে পৰিবৰ্তনকামী চৰকাৰৰ সততে ৰাস্তা-ঘাটৰ উন্নয়নৰ কথা কোৱা গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই এই ক্ষেত্ৰত কিবা এক বিশেষ পদক্ষেপ গ্ৰহণ গ্ৰহণ কৰাৰ আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া ঠিকাদাৰক এশিকনি দিব ।

Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.