ETV Bharat / state

Pijush slams Cong and AIUDF: মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু AIUDF চৰিত্ৰহীন

author img

By

Published : Oct 20, 2022, 12:01 PM IST

Updated : Oct 20, 2022, 1:35 PM IST

কমলপুৰ মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হয় জ্যেষ্ঠ নাগৰিকৰ বিশেষ সজাগতামূলক অনুষ্ঠান (Awareness program for senior citizen)। কাৰ্যসূচীত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে । কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।

Pijush slams Cong and AIUDF
মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু AIUDF চৰিত্ৰহীন

বাইহাট চাৰিআলি,২০ অক্টোবৰ : 'মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু AIUDF চৰিত্ৰহীন' । এই মন্তব্য পীযুষ হাজৰিকাৰ । কমলপুৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কংগ্ৰেছ আৰু এআইইউডিএফ দলক উভতি ধৰিলে পীযুষ হাজৰিকাই (Pijush Hazarika slams Congress and AIUDF)।

মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু AIUDF চৰিত্ৰহীন

মিত্ৰতাৰ ক্ষেত্ৰত দুয়োটা দলকে সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু এআইইউডিএফ চৰিত্ৰহীন । কেতিয়া দুয়োটা দলে মিত্ৰতা কৰে কোনেও নাজানে । কমলপুৰ মিনি ষ্টেডিয়ামত জ্যেষ্ঠ নাগৰিকৰ বাবে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে কামৰূপ জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ কমলপুৰত বুধবাৰে অসম জ্যেষ্ঠ নাগৰিক উন্নয়ন পৰিষদৰ (Assam senior citizen welfare council) উদ্যোগত জ্যেষ্ঠ নাগৰিকৰ বাবে এক সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় । য'ত ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সাংসদ দিলীপ শইকীয়া, বিজেপিৰ সভাপতি ভৱেশ কলিতা, স্থানীয় বিধায়ক দিগন্ত কলিতা আৰু অসম জ্যেষ্ঠ নাগৰিক উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰদীপ ঠাকুৰীয়া উপস্থিত থাকে । অনুষ্ঠানত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিককে ধৰি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । চৰকাৰৰ 'চেতনা' শীৰ্ষক কাৰ্যসূচীৰ (Setana awareness program for senior citizen) অংশ হিচাপে আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাই জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনাও জ্ঞাপন কৰে ।

ইফালে শেহতীয়াকৈ ৰাহুল গান্ধী আৰু মহাপুৰুষ শংকৰদেৱক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । ৰাহুল গান্ধীক শ্ৰীমন্ত শংকৰদেৱৰ সৈতে তুলনা কৰাক লৈ ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতা । কংগ্ৰেছ নেতাগৰাকীক তীব্ৰ সমালোচনা কৰি বিজেপি সভাপতিগৰাকীয়ে কয় যে এয়া জধামূৰ্খৰ লক্ষণ ।

বিধায়ক দিগন্ত কলিয়াইও বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এনে মন্তব্য কৰাৰ বাবে অসমৰ ৰাইজে ভূপেন বৰাক বেয়া পাইছে । ইফালে অনুষ্ঠানটো সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে ইতিমধ্যে জ্যেষ্ঠ নাগৰিকসকলক সহায় কৰাৰ উদ্দেশ্য চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । অতি শীঘ্ৰে কমলপুৰত জ্যেষ্ঠ নাগৰিকৰ বাবে কেয়াৰ হোম স্থাপন কৰা হ'ব বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক :MLA MP as tea maker: পদপথৰ হোটেলত বিধায়কে চাহ বনাই খুৱালে সাংসদক

Last Updated : Oct 20, 2022, 1:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.