ETV Bharat / state

CAA আন্দোলনৰ প্ৰথম ছহিদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

author img

By

Published : Dec 20, 2019, 1:23 PM IST

অনুষ্ঠানত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অংগ্ৰহণ কৰি ’কা’ৰ বিৰুদ্ধে চলিবলগীয়া দীঘলীয়া সংগ্ৰামত ছয়গাঁওবাসীক হিংসাৰ সলনি শান্তিপূৰ্ণভাৱে অংগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কমলা কলিতাহঁতৰ দৰে অগপ নেতা সকলক জোতাৰ মালা আঁৰি দিব লাগে বুলিও কয় ৷ তেওঁ দীপাঞ্জলৰ পিতৃৰ হাতত ব্যক্তিগতভাৱে ৫১ হেজাৰ টকা সাহাৰ্য প্ৰদান কৰে ৷

PARAMANANDA AT DIPANJAL HOME
চহিদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

ছয়গাঁও ২০ ডিচেম্বৰ : CAA আন্দোলনৰ প্ৰথম ছহিদ দীপাঞ্জল দাসৰ বৃহস্পতিবাৰে তেওঁৰ জন্মস্থান দলৈপাৰা গাঁৱত ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ লগতে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ হেজাৰ-হেজাৰ লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত দীপাঞ্জল দাসৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে দিনটো নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰে মুখৰিত হৈ থাকে ৷ আনহাতে দলৈপাৰা গোসাঁইঘৰ প্ৰাংগনত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বহুসংখ্যক সংগঠনৰ বিশিষ্ট ব্যক্তিৰ লগতে শিল্পী সাহিত্যিকে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানত জাতীয় ছহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকা আৰু সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰৰ নেতৃত্বত অহা এটি প্ৰতিনিধি দলে দীপাঞ্জল দাসৰ পৰিয়ালৰ হাতত শ্ৰদ্ধাঞ্জলি পত্ৰ অৰ্পণ কৰে ৷ একেদৰে অনুষ্ঠানত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অংগ্ৰহণ কৰি ’কা’ৰ বিৰুদ্ধে চলিবলগীয়া দীঘলীয়া সংগ্ৰামত ছয়গাঁওবাসীক হিংসাৰ সলনি শান্তিপূৰ্ণভাৱে অংগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কমলা কলিতাহঁতৰ দৰে অগপ নেতা সকলক জোতাৰ মালা আঁৰি দিব লাগে বুলিও কয় ৷ তেওঁ দীপাঞ্জলৰ পিতৃৰ হাতত ব্যক্তিগতভাৱে ৫১ হেজাৰ টকা সাহাৰ্য প্ৰদান কৰে ৷ আনহাতে সমাধিস্থলীত ছহিদ বেদী নিৰ্মাণৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰ পৰা ২ লাখ টকা অনুদান ঘোষণা কৰাৰ লগতে দীপাঞ্জল দাসৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণৰ বাবে ৫ লাখ টকা আবণ্টনৰ ব্যৱস্থা কৰিব বুলি ৰাইজক জানিবলৈ দিয়ে ৷

চহিদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশী উপস্থিত হৈ প্ৰথমে দীপাঞ্জল দাসৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাচতেই তেওঁ স্মৃতিচাৰণ সভাত উপস্থিত হৈ চমু ভাষণ দিয়ে ৷ ভাষণত তেওঁ অসম সাহিত্য সভা সদায় ভাষাৰ স্বাৰ্থত আৰু CAA ৰ বিপক্ষত থকা বুলি কৈ এই ক্ষেত্ৰত সকলো ৰাইজকে এই আইনৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনাই ৷

Intro:কা আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ জন্মগাঁৱত ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন ৷ Body:হেজাৰ হেজাৰ ৰাইজৰ উপস্থিতিত ছয়গাঁৱত দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

ছয়গাঁও ২০ ডিচেম্বৰ : কা আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ বৃহস্পতিবাৰে তেওঁৰ জন্মস্থান দলৈপাৰা গাঁৱত ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ লগতে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত দীপাঞ্জল দাসৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে দিনৰ দিনটো নাম প্ৰসংগ,ভাগৱত পাঠ আদিৰে মুখৰিত হৈ থাকে ৷ আনহাতে দলৈপাৰা গোসাঁইঘৰ প্ৰাংগনত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বহুসংখ্যক সংগঠনৰ বিশিষ্ট ব্যক্তিৰ লগতে শিল্পী সাহিত্যিকে অংশগ্ৰহণ কৰি ভাষণ দিয়ে ৷ ইয়াৰ মাজে মাজে ভক্তিমূলক গীতৰ লগতে বিপ্লৱী গীতো পৰিৱেশন কৰা হয় ৷ উক্ত অনুষ্ঠানত জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকা আৰু সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰৰ নেতৃত্বত অহা এটি প্ৰতিনিধি দলে দীপাঞ্জল দাসৰ পৰিয়ালৰ হাতত শ্ৰদ্ধাঞ্জলী পত্ৰ অৰ্পণ কৰে ৷ দুয়োগৰাকী ব্যক্তিয়ে শ্বহীদৰ ত্যাগ অথলে যাব নিদিয়াৰ লগতে ’কা’ৰ বিৰুদ্ধে আৰম্ভ হোৱা এই দীঘলীয়া সংগ্ৰামত সকলো ৰাইজকে সহযোগ কৰিবলৈ আহ্বান জনায় ৷ আনহাতে অনুষ্ঠানত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অংগ্ৰহণ কৰি ’কা’ৰ বিৰুদ্ধে চলিবলগীয়া দীঘলীয়া সংগ্ৰামত ছয়গাঁওবাসীক হিংসাৰ সলনি শান্তিপূৰ্ণভাৱে অংগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কমলা কলিতাহঁতৰ দৰে অগপ নেতা সকলক জোতাৰ মালা আঁৰি দিব লাগে বুলিও কয় ৷ শ্বহীদ পৰিয়ালটোক পাহৰি নাযাবলৈ বিধায়ক গৰাকীয়ে ৰাইজক অনুৰোধ জনায় ৷ তেওঁ দীপাঞ্জলৰ পিতৃৰ হাতত ব্যক্তিগতভাৱে ৫১ হেজাৰ টকা সাহাৰ্য প্ৰদান কৰে ৷ আনহাতে সমাধিস্থলীত শ্বহীদ বেদী নিৰ্মাণৰ বাবে বিধায়ক উন্নয়ন পূঁজিৰ পৰা ২ লাখ টকা অনুদান ঘোষণা কৰাৰ লগতে দীপাঞ্জল দাসৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণৰ বাবে ৫ লাখ টকা আবণ্টনৰ ব্যৱস্থা কৰিব বুলি ৰাইজক জানিবলৈ দিয়ে ৷ উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড°পৰমানন্দ ৰাজবংশী উপস্থিত হৈ প্ৰথমে দীপাঞ্জল দাসৰ সমাধিস্থলীত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলী জনাই ৷ ইয়াৰ পিচতেই তেওঁ স্মৃতিচাৰণ সভাত উপস্থিত হৈ চমু ভাষণ দিয়ে ৷ ভাষণত তেওঁ অসম সাহিত্য সভা সদাই ভাষাৰ স্বাৰ্থত আৰু ’কা’ৰ বিপক্ষত থকা বুলি কৈ এই ক্ষেত্ৰত সকলো ৰাইজকে এই আইনৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনাই ৷ আনহাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত কৰা সংবাদমেলখন একাংশ সাংবাদিকে বিকৃতি ৰূপ দি অসম সাহিত্য সভাই কা সমৰ্থন কৰা বুলি ভুল বাতৰি পৰিৱেশন কৰা বুলিও কয় ৷ইফালে সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক কাৰ্যসূচীৰ পৰা বাতিল কৰা নকৰা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই ক্ষেত্ৰত আদৰণি সমিতিৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে ৷ ৰাইজে বিচাৰিলে অসম সাহিত্য সভাৰ আদৰণি সমিতিৰ পৰা হিমন্তবিশ্ব শৰ্মাক আতৰ কৰিব বুলিও তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু দলৈপাৰা ৰাইজ গয়ৰহৰ উদ্যোগত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধ তথা স্মৃতিচাৰণ সভাত বিজেপি দলৰ বাহিৰে আন সকলো দল সংগঠনে অংশগ্ৰহণ কৰে ৷ সন্ধিয়া ২০০ গছি চাকি জ্বলোৱা হয় ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.