ETV Bharat / state

ছয়গাঁৱত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ এজন যুৱক

author img

By

Published : Oct 18, 2019, 10:36 PM IST

ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী ৷ মহানগৰীৰ অলিয়ে-গলিয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ মহানগৰীৰ ছয়গাঁৱত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ এজন যুৱক ৷

ছয়গাঁৱত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ এজন যুৱক

ছয়গাঁও,18 অক্টোবৰ: শুকুৰবাৰে কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা ৷ বিয়লি ছয়গাঁও গুমি পথত ব্ৰাউন চুগাৰসহ আটক এজন যুৱক ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱকজন হ’ল দৰং জিলাৰ দলগাঁৱৰ চাইফুদ্দিন ওৰফে চাহাবুদ্দিন ৷ জানিব পৰা মতে,উক্ত যুৱকজনে প্ৰায় এক কিলোগ্ৰাম ব্ৰাউন চুগাৰলৈ শুকুৰবাৰে বিয়লি ছয়গাঁৱত উপস্থিত হোৱাৰ খবৰ লাভ কৰিছিল কামৰূপ আৰক্ষীয়ে ৷

ছয়গাঁৱত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ এজন যুৱক

এই গোপন তথ্যৰ ভিত্তিতে কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত তথা ছয়গাঁও আৰু বকো আৰক্ষীৰ সহযোগত ছয়গাঁৱত গোপনে প্ৰায় চাৰিঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত যুৱকজনক ছয়গাঁও গুমি পথৰ এখন চাহ দোকানৰ সন্মুখত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

গ্ৰেপ্তাৰ হোৱা যুৱকজন বিখ্যাত ড্ৰাগছ সৰবৰাহী চক্ৰৰ লগত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে যুৱকজনক ৷ আনহাতে যুৱকজনৰ পৰা আৰক্ষীয়ে বহু সংখ্যক নথি পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় ৷

Intro:ছয়গাঁৱত ব্ৰাউন চুগাৰ সহ এজন যুৱকক গ্ৰেপ্তাৰ ৷ Body:ছয়গাঁৱত ব্ৰাউন চুগাৰ সহ এজন যুৱকক গ্ৰেপ্তাৰ
ছয়গাঁও ১৮ অক্টোবৰ : আজি বিয়লি ছয়গাঁও গুমি পথত ব্ৰাউন চুগাৰ সহ এজন যুৱকক কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱকজন হ’ল দৰং জিলাৰ দলগাঁৱৰ চাইফুদ্দিন ওৰফে চাহাবুদ্দিন ৷ জানিবপৰমতে উক্ত যুৱকজনে প্ৰায় এক কিলো ব্ৰাউন চুগাৰ লগত লৈ আজি বিয়লি ছয়গাঁৱত উপস্থিত হোৱাৰ খবৰ কামৰূপ আৰক্ষীয়ে লাভ কৰে ৷ এই গোপন তথ্যৰ ভিত্তিতে কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত তথা ছয়গাঁও আৰু বকো আৰক্ষীৰ সহযোগত ছয়গাঁৱত গোপনে প্ৰায় চাৰিঘণ্টা চলোৱা অভিযানৰ অন্তত যুৱকজনক ছয়গাঁও গুমি পথৰ এখন চাহ দোকানৰ সন্মুখত আটক কৰিবলৈ সক্ষম হয় ৷ জানিবপৰমতে উক্ত যুৱকজন বিখ্যাত ড্ৰাগছ সৰবৰাহী চক্ৰৰ লগত জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে বৰ্তমানলৈকে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে যুৱকজনৰ পৰা আৰক্ষীয়ে বহু সংখ্যক নথি পত্ৰও জব্দ কৰে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.