ETV Bharat / state

সোণতলীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

author img

By

Published : Jun 10, 2020, 4:26 AM IST

one died of electric shor
one died of electric shor

নিজ ঘৰতে বিদ্যুতৰ তাঁৰ মেৰামতি কৰিবলৈ লওঁতেই বিদ্যুৎস্পৃষ্ট বকোৰ সোণতলীৰ এজন লোক ৷

বকো, 9 জুন : বকোৰ সোণতলীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু ৷ নিজ ঘৰতে বিদ্যুতৰ তাঁৰ মেৰামতি কৰিবলৈ লওঁতেই বিদ্যুৎস্পৃষ্ট হয় লোকজন ৷ পৰিয়ালৰ তথা চুবুৰীয়াই তৎপৰতাৰে লোকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰায় সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি লোকজনক মৃত বুলি ঘোষণা কৰে ৷

one died of electric shor
সোণতলীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

মৃত লোকজন সোণতলীৰ দক্ষিণ ৰাংগাপানী গাঁৱৰ বাদশা আলী ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰলৈ কৰে ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তথা তিনি সন্তানৰ পিতৃ লোকজনৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালটো ৷

লগতে পঢ়ক : অইলৰ তৈল খাদ বিস্ফোৰণক লৈ বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.