ETV Bharat / state

বাইহাটাত দুৰ্বৃত্তই ধ্বংস কৰিলে সৰিয়হৰ খেতি

author img

By

Published : Dec 4, 2021, 2:15 PM IST

Updated : Dec 4, 2021, 7:51 PM IST

বাইহাটা চাৰিআলিৰ মদন কামদেৱ দেৱালয়ৰ সমীপত কেইজনমান কৃষকে কৰা সৰিয়হৰ খেতি ধ্বংস কৰিলে দুৰ্বৃত্তই(Mustard cultivation destroyed at Baihata) ৷ সৰিয়হ খেতিৰ পৰা মিঠাতেল লাভৰ আশাৰে খেতি কৰিছিল কৃষক কেইজনে ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ৷

mustard cultivation destruction at Baihata
বাইহাটাত দুৰ্বৃত্তই ধ্বংস কৰিলে সৰিয়হৰ খেতি

বাইহাটা, 4 ডিচেম্বৰ : বৰ্তমান সময়ত কৰ’ণাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে(Price hike during covid in Assam) সাধাৰণ ৰাইজক ৷ খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে(Price hike in Assam) সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ কৰি তুলিছে ৷ পেট্ৰ’ল-ডিজেলৰ লগতে মিঠাতেলৰ উৰ্ধমুখী দামৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷

সেয়ে মিঠাতেলৰ বাঢ়ি অহা মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ পাবলৈ সৰিয়হ খেতি কৰিছিল কেইজনমান কৃষকে ৷ নিজৰ সৰিয়হ খেতিৰ পৰা মিঠাতেল লাভৰ আশাৰে খেতি কৰিছিল কৃষক কেইজনে ৷

বাইহাটাত দুৰ্বৃত্তই ধ্বংস কৰিলে সৰিয়হৰ খেতি

মদন কামদেৱ দেৱালয়(Madan Kamdev Temple)ৰ সমীপত ৫ বিঘা মাটিত লহপহকৈ বাঢ়ি আহিছিল সৰিয়হৰ খেতি ৷ কিন্তু সৰিয়হৰ খেতি লহপহকৈ বাঢ়ি অহাৰ সময়তে খেতিডৰা বিনষ্ট কৰাৰ ষড়যন্ত্ৰ চলাই কেইজনমান দুৰ্বৃত্তই । সেয়ে শুকুৰবাৰে নিশাৰ ভিতৰতে বন মৰা ঔষধ প্ৰয়োগ কৰি দুৰ্বৃত্তই ধ্বংস কৰে(Mustard Cultivation Destroy at Baihata) শস্যসমূহ । ইয়াৰ ফলত প্ৰায় তিনি বিঘা মাটিৰ সৰিয়হ খেতি ধ্বংস হয় । খেতিডৰাৰ এনে অৱস্থা দেখি মূৰে কপালে হাত দিয়ে কৃষক কেইজনে ।

উল্লেখ্য যে, সৰিয়হ ডৰাৰ ওচৰত সন্দেহজনকভাৱে শুকুৰবাৰে সন্ধিয়া ঘূৰি ফুৰিছিল কেইজনমান ব্যক্তিয়ে ৷ এই কথা ব্যক্ত কৰিছে কৃষকসকলে । এই ঘটনাৰ সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কৃষকসকলে ।

লগতে পঢ়ক : চাংসাৰিৰ FCIত মুকলি উত্তৰ-পূৱৰ সৰ্ববৃহৎ শস্য ভাণ্ডাৰ

Last Updated : Dec 4, 2021, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.