কংগ্ৰেছ নেতৃত্বক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা সাংসদ দিলীপ শইকীয়াৰ

author img

By

Published : Aug 18, 2021, 9:38 AM IST

MLA Dilip Saikia Reaction against congress

বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত অব্যাহত আছে তীব্ৰ বাক-বিতণ্ডা ৷ শাসক-বিৰোধী দুই দুলৰ সভাপতিৰ বাক-বিতণ্ডাৰ অন্ত নৌহওতে পুনৰ কংগ্ৰেছ দলক কটাক্ষ কৰে বিজেপিৰ এগৰাকী সাংসদে ৷ পিছে কোন এই সাংসদ আৰু কিহৰ বাবেকটাক্ষ কৰিলে বিৰোধী দলটোক ?

ৰঙিয়া, 18 আগষ্ট : ৰাজ্যত সলনি হোৱাৰ দিশে ৰাজনৈতিক প্ৰেক্ষাপট ৷ কিয়নো শীঘ্ৰে ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি উঠিপৰি লাগিছে শাসক-বিৰোধী দুয়ো পক্ষ ৷ তদুপৰি শাসক-বিৰোধী উভয়ৰে মাজত আৰম্ভ হৈছে তীব্ৰ বাক্যবাণৰ ৰাজনীতি ৷ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিৰ কিছু কথা মন কৰিলে দেখা যায় যে, একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ ৷ কিয়নো দলটোৰ কেইবাজনো নেতাই ইতিমধ্যে যোগদান কৰিছে গেৰুৱা দল বিজেপিত ৷ ফলত একপ্ৰকাৰ সাংগঠনিক ভেটি দুৰ্বল হৈ পৰিছে কংগ্ৰেছৰ ৷

শেহতীয়াকৈ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এক সভাত একপ্ৰকাৰ টাৰ্গেট কৰি লয় কংগ্ৰেছ নেতৃত্বক । মঙলবাৰে ৰঙিয়াত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি বিজেপিৰ সাংসদগৰাকীয়ে তীব্ৰ বাক্যবাণ প্ৰয়োগ কৰি থকা-সৰকা কৰে কংগ্ৰেছক ৷

কংগ্ৰেছ নেতৃত্বক কটাক্ষ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ

বিজেপি সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই দলটোক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, অসমৰ কংগ্ৰেছ নেতৃত্বই আকাশত চাং পতা কথা কয় । কংগ্ৰেছৰ সভাপতি হৈ থাকোতেই ৰিপুণ বৰা গহপুৰ বিধানসভা সমষ্টিত পৰাস্ত হয় । আনহাতে ভূপেন বৰাক সভাপতি হোৱাৰ পূৰ্বেই জনতাই নস্যাৎ কৰিছে । জনতাই নস্যাৎ কৰা নেতাৰ কথাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জনতাই বেয়া পায় ৷ সেয়েহে বিশেষ প্ৰতিক্ৰিয়া নিদিয়ে বুলি শইকীয়াই কটাক্ষ কৰে ।

তেওঁ লগতে কয় যে, বিজেপি দলক চেলেঞ্জ দিব পৰা অথবা প্ৰতিহত কৰিব পৰা কোনো দল কেইবা বছৰলৈ নোলাব ৷ কংগ্ৰেছৰ নেতা-নেত্ৰীয়ে অন্য দললৈ যোৱাটো বিজেপিয়ে উৎসাহিত নকৰে বুলিও শইকীয়াই তীৰ্যক মন্তব্য কৰে । সাম্প্ৰতিক পৰিস্থিতিত পৰিৱৰ্তনৰ ধুমুহাত কোনে কোন দলত থাকিব, তাৰ এক অনিশ্চয়তাৰ পৰিৱেশ দেখা বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ আনহাতে, তৃণমূল কংগ্ৰেছৰ উত্থানক লৈ বিজেপি দল শংকিত নহয় বুলি উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক : আকৌ পথাৰত নামিম, ভূঁই ৰুম : স্ব-গৃহত উপস্থিত হৈ ক’লে লাভলীনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.