আকৌ পথাৰত নামিম, ভূঁই ৰুম : স্ব-গৃহত উপস্থিত হৈ ক’লে লাভলীনাই

author img

By

Published : Aug 17, 2021, 9:13 PM IST

Lovlina Borgohain home_Visual_ASC10084
আকৌ পথাৰত নামিম, ভূই ৰুম : স্ব-গৃহত উপস্থিত হৈ ক’লে লাভলীনাই ()

বৰপথাৰত উপস্থিত হৈ নিজৰ অলিম্পিক মেডেলটো কণ কণ শিশুসকলক চুই চাবলৈ দিলে লাভলীনাই ৷ বৰপথাৰত উপস্থিত হোৱাৰ পিছতে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় লাভলীনা বৰগোঁহাইক ৷

সৰুপথাৰ, 17 আগষ্ট : "আকৌ পথাৰত নামিম, ভূঁই ৰুম ৷ গাঁৱৰ বোকা পানী মই পাহৰিব নোৱাৰো ৷" নিজ জন্মস্থান বৰপথাৰত ভৰি দি এই মন্তব্য কৰিলে অলিম্পিয়ান লাভলীনা বৰগোঁহায়ে ৷ বহু প্ৰতিক্ষাৰ অন্তত নিজৰ প্ৰিয় খেলুৱৈগৰাকীক ওচৰৰ পৰা এবাৰ চোৱাৰ আশা পূৰণ হ’ল বৰপথাৰবাসীৰ ৷ মঙলবাৰে বিয়লি পাঁচ বজাত বৰপথাৰত ভৰি দিয়ে বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷

Lovlina Borgohain home_Visual_ASC10084
বৰপথাৰ লাভলীনাৰ বাবে সম্বৰ্ধনা অনুষ্ঠান

নতুন দিল্লীৰ পৰা বিশেষ বিমানেৰে মঙলবাৰে দিনৰ প্ৰায় 2 বাজি 10 মিনিটত ডিমাপুৰ উপস্থিত হয় লাভলীনা ৷ ডিমাপুৰৰ পৰা লাভলীনাক সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন দল-সংগঠনে বিশাল বাইক ৰেলীৰে বৰপথাৰলৈ আদৰি আনে ৷ বৰপথাৰ লৈকে সম্পূৰ্ণ পথছোৱাতে ৰাইজে পুস্পবৃষ্টি, গামোচাৰে ওপচাই পেলালে অসম গৌৰৱ লাভলীনা বৰগোঁহাইক ৷

ইয়াৰ পিছতে বিয়লি প্ৰায় 5 বজাত বৰপথাৰ হাইস্কুল খেলপথাৰত আয়োজন কৰা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে লাভলীনাই ৷ আটক ধুনীয়াকৈ সজাই পৰাই থোৱা অস্থায়ী মণ্ডপলৈ গায়ন-বায়ন, ঢোল-পেঁপাৰে আগবঢ়াই অনা হয় লাভলীনাক ৷

স্ব-গৃহত উপস্থিত লাভলীনা

লগতে পঢ়ক : সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা

কণ কণ শিশু ভাল পোৱা লাভলীনাই নিজৰ ব্ৰঞ্জৰ মেডেলটো চুবলৈ দি তেওঁলোকৰ মৰম আৰু শুভেচ্ছা গ্ৰহণ কৰে এই সম্বৰ্ধনা অনুষ্ঠানত ৷ আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত 50 তকৈও অধিক অসমৰ বিভিন্ন দল সংগঠন, শিক্ষাগুৰু, বিশিষ্ট ব্যক্তিয়ে শৰাই, জাপি, ফুলাম গামোচা পৰম্পৰাগত সাজ-পোচাকেৰে শুভেচ্ছা জনায় । এই অনুষ্ঠানতে নিজৰ আদিগুৰু প্ৰশান্ত দাসক অসম চৰকাৰে প্ৰদান কৰা দহ লাখ টকাৰ চেক লাভলীনাই নিজ হাতেৰে প্ৰদান কৰে ।

সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা আৰক্ষী অধীক্ষক ড৹ ৰবীন কুমাৰকে ধৰি জিলা তথা মহকুমা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

মাত্ৰ কেইটামান ঘণ্টাৰ বাবেহে স্ব-গৃহলৈ অহা লাভলীনাই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই নিজৰ ওপজা ঘৰখনলৈ ৰাওনা হয় । নিজা ঘৰতো বাৰমুখীয়াবাসী ৰাইছে ঢোলে-দগৰে আদৰণি জনায় তেওঁলোকৰ মৰমৰ জীয়ৰীক । সম্পূৰ্ণ এটা বছৰেই ঘৰৰ পৰা আঁতৰত থকা লাভলীনাই স্ব-গৃহত ভৰি দিয়াৰ লগে লগে আদৰণি জনায় মাতৃ মামণি বৰগোহাঁই আৰু দুই ভগ্নীয়ে ৷ আজি ৰাতিটো ঘৰতে কটোৱাৰ পাছত 18 আগষ্টৰ পুৱাই উত্তৰ প্ৰদেশলৈ ৰাওনা হ’ব খেলুৱৈগৰাকী ।

লগতে পঢ়ক : লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.