ETV Bharat / state

মন্ত্ৰী ভবেশ কলিতাৰ এপ'ল মিলত খাদ্য সামগ্ৰী বিতৰণ

author img

By

Published : Apr 27, 2020, 1:50 PM IST

ইয়াৰ উপৰিও আন দহ হাজাৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ বাবে প্ৰস্তুত হোৱা বুলি জনাই মন্ত্ৰী গৰাকীয়ে ৷

Minister Bhabesh Kalita distributed food at Apollo mill at Rangia
মন্ত্ৰী ভবেশ কলিতাৰ এপ'ল মিলত খাদ্য সামগ্ৰী বিতৰণ

ৰঙিয়া,27 এপ্ৰিল: দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে শোচনীয় হৈ পৰিছে ৰঙিয়াৰ তুলসীবাৰীস্থিত বস্ত্ৰ উদ্যোগ এপ'ল মিলৰ শ্ৰমিক-কৰ্মচাৰী সকলৰ অৱস্থা ৷ এই লক ডাউনৰ সময়ছোৱাত বহু শ্ৰমিক-কৰ্মচাৰীৰ পৰিয়ালে খাদ্য সংকটত ভুগিব লগা হৈছে ৷ এনে সময়তে দেওবাৰে উক্ত কৰ্মচাৰী সকলক সহায় কৰিবলৈ আগবাঢ়ি আহে ৰাজহ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ৷

মন্ত্ৰী ভবেশ কলিতাৰ এপ'ল মিলত খাদ্য সামগ্ৰী বিতৰণ

দেওবাৰে দিনৰ ভাগত এপ'ল মিল চৌহদত খাদ্য সামগ্ৰী লৈ উপস্থিত হয় মন্ত্ৰী তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ৷ ইয়াৰ পাছতে সামাজিক দুৰত্ব বজাই ৰাখি প্ৰায় 250 গৰাকী কৰ্মচাৰীক উক্ত সামগ্ৰী বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰিও আন দহ হাজাৰ পৰিয়ালৰ মাজত খাদ্য বিতৰণৰ বাবে সকলো সাঁজু কৰা বুলি জনাই মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ মৰাণত আন্তঃ জিলা ভ্ৰমণ কৰা লোকসকলক স্বাস্থ্য পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.