ETV Bharat / state

Flood effected area of Rangia: ৰঙিয়াৰ বানে গৰকা অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

author img

By

Published : Mar 3, 2023, 12:50 PM IST

Flood effects Rangia
ৰঙিয়াৰ বানে গৰকা অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

পুঠিমাৰী নৈয়ে ছিগা মথাউৰিৰ মেৰামতিৰ কামৰ পৰ্যালোচনা মন্ত্ৰী অতুল বৰাৰ (Minister Atul Bora at Rangia)। নিশা ৰঙিয়াৰ বগৰীবাৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজৰ সমস্যাৰ বিষয়ে বুজ লয় । মন্ত্ৰীয়ে বানাক্ৰান্তৰ অভিযোগৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।

ৰঙিয়াৰ বানে গৰকা অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ৰঙিয়া,৩ মাৰ্চ : প্ৰতিবছৰে কামৰূপ জিলাৰ ৰঙিয়াৰ এটা বৃহৎ অংশ বানৰ কৱলত পৰি আহিছে (Flood in Rangia)। বিগত বছৰো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰঙিয়াৰ সমীপৰ বহু স্থানত । বৃহস্পতিবাৰে তেনে এক বানে গৰকা অঞ্চলত উপস্থিত হয় অসমৰ মন্ত্ৰী অতুল বৰা । বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা ৰাইজৰ সৈতে বাৰ্তালাপ মন্ত্ৰীগৰাকীৰ । অৱশ্যে মন্ত্ৰীৰ আশ্বাসত সন্তুষ্ট নহ'ল ৰাইজ ।

প্ৰায় ১০ মাহ পূৰ্বে বানত ক্ষতি হোৱা অঞ্চলৰ পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী অতুল বৰাই (Atul Bora visits flood effected area in Rangia)। মন্ত্ৰীক কাষত পাই বানাক্ৰান্ত ৰাইজে বিভিন্ন অভিযোগ দিলে কৃষি মন্ত্ৰী অতুল বৰাক । কিন্তু ৰাইজৰ কথা মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ । মূল সমস্যাৰ পৰা ফালৰি কাটি অন্য কথাত গুৰুত্ব দিলে অতুল বৰাই । তাক লৈ কিছু পৰিমাণে ক্ষোভিত হয় ভুক্তভোগী বানাক্ৰান্ত ।

উল্লেখ্য যে বিগত বছৰ পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত মথাউৰিৰ বহৎ অংশ ছিগি পেলোৱাৰ পাছত প্ৰায় ২৫ টা পৰিয়াল সম্পূৰ্ণৰূপে গৃহহাৰা হৈছিল । লগতে বহু হেক্টৰ কৃষি ভূমি বালিয়ে পুতি পেলাইছিল । সেই সময়তে বহু কেইগৰাকী মন্ত্ৰী-বিধায়কে সেই স্থান পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেই অঞ্চল পৰিদৰ্শন কৰিছিল ।

ইয়াৰ পাছত বৃহস্পতিবাৰে নিশা মথাউৰিৰ ভগ্ন অংশৰ পুনৰ মেৰামতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত হয় (River embankment repairing process in Rangia)। মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ উপৰিও দুৰ্ভগীয়া পৰিয়ালসমূহৰ পৰিস্থিতিৰ বুজ লয় । মন্ত্ৰীগৰাকীৰ সন্মুখত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ৰাজ্যৰ জল সম্পদ বিভাগৰ বিৰুদ্ধে অভিযোগ দিয়াৰ উপৰিও ৰাজ সাহায্যৰ পৰা বঞ্চিত হোৱাৰ বিষয়ে অৱগত কৰে ।

উল্লেখ্য যে মথাউৰি ছিগাৰ ফলত অঞ্চলটোৰ গৃহহীন প্ৰায় ২৫ টা পৰিয়ালে মথাউৰিৰ ওপৰতে ত্ৰিপালৰ তলত থাকিব লগা হৈছিল । সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰৰ ফালৰ পৰা এক লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰি বিভাগীয়ভাৱে বেংকৰ একাউণ্ট নম্বৰো সংগ্ৰহ কৰা হৈছিল । একাউণ্ট নম্বৰসমূহৰ বিপৰীতে পৰীক্ষামূলকভাৱে এটকা কৈ সুমুৱাই দিয়াৰ ব্যৱস্থা কৰিছিল চৰকাৰে ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে বহুকেইটা পৰিয়ালৰ একাউণ্টত এটকাৰ বাহিৰে আজিলৈ নোসোমাল বাকী টকা । এই বিষয়ে স্থানীয় ক্ষোভিত ৰাইজে মন্ত্ৰী অতুল বৰাৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে । আশ্বাস প্ৰদান কৰাৰ বাহিৰে চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলিও ৰাইজে অভিযোগ কৰে । ইফালে মথাউৰিৰ বান্ধ নিৰ্মাণত লেহেমীয়া হোৱা বিষয়টো সন্দৰ্ভত মন্ত্ৰীগৰাকীক অভিযোগ কৰে ৰাইজে ।

ইফালে অঞ্চলটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ পাছত বালিয়ে পুতি পেলোৱা পথাৰসমূহত বৈজ্ঞানিক পদ্ধতিৰে উপযুক্ত খেতি কৰাৰ ব্যবস্থা কৰিব পাৰি (Atul Bora assures flood affected people)। কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে অচিৰেই কৃষি বিভাগৰ লগত কথা পাতি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Assam movement leader in Jorhat: অঘৰীৰ জীৱন কটাইছে অসম আন্দোলনৰ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.