ETV Bharat / state

Lachit Sena Protest at Chhaygaon: ছয়গাঁৱত বিঘাই বিঘাই অপৈণত শালি ধান কাটি পুতি পেলাইছে কৃষিভূমি, লাচিত সেনাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:02 PM IST

Lachit Sena Protest at Chhaygaon
ছয়গাঁৱত বিঘাই বিঘাই অপৈনত শালি ধান কাটি পুটি পেলাইছে কৃষি ভূমি

দক্ষিণ কামৰূপৰ ছয়গাঁৱত শালি ধান কাটি পুতি পেলাইছে কৃষিভূমি ৷ উদ্যোগ স্থাপনৰ বাবে বহিৰাগত বনিয়াই এই কাৰ্য কৰাৰ অভিযোগ ৷ সেই ঘটনাৰ তদন্ত বিচাৰি লাচিত সেনাৰ প্ৰতিবাদ ৷

ছয়গাঁৱত বিঘাই বিঘাই অপৈনত শালি ধান কাটি পুটি পেলাইছে কৃষি ভূমি

মিৰ্জা, 15 নৱেম্বৰ: জাতি, মাটি, ভেটি আৰু খিলঞ্জিয়াৰ কথা কোৱা চৰকাৰৰ দিনতে বহিৰাগত বনিয়াই দপদপাই ফুৰিছে অসমত ৷ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ভেটাপাৰাত উদ্যোগ স্থাপনৰ স্বাৰ্থতে বিঘাই বিঘাই অপৈণত শালি ধান কাটি কৃষিভূমিত মাটি পেলালে বহিৰাগত বনিয়াই ৷ যাৰ বাবে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে লাচিত সেনাৰ কৰ্মীয়ে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, ছয়গাঁৱৰ ভেটাপাৰাৰৰ কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে বিঘাই বিঘাই কেঁচা ধান কাটি পুতি পেলাইছে কৃষিভূমি ৷ এইক্ষেত্ৰত নিমাত প্ৰশাসন ৷ আচৰিত কথা এয়াই যে উক্ত ভূমিডোখৰ কাৰ, কি উদ্যোগ স্থাপন কৰিব বা কোন কোম্পানীয়ে উদ্যোগ স্থাপন কৰিব সেই বিষয়ে স্থানীয় ৰাইজো জ্ঞাত নহয় ৷ মাত্ৰ বহিৰাগত লোকে উদ্যোগ স্থাপন কৰিব বুলিহে ওলাইছে গুজব ৷ ইফালে বিঘাই বিঘাই অপৈণত শালি ধান কাটি কৃষিভূমি পুতি পেলাইছে বহিৰাগত বনিয়াই ৷

এইক্ষেত্ৰত প্ৰশাসনৰ পদক্ষেপ বিচাৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে লাচিত সেনাৰ কৰ্মীয়ে ৷ প্ৰতিবাদৰ অংশ স্বৰূপে লাচিত সেনাৰ কৰ্মীয়ে মুণ্ডন কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰশাসনৰ লগতে চৰকাৰকো অৱগত কৰিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

তেওঁলোকে কয়, ‘‘বেদখল কৰা ভূমিত উদ্যোগ হ’ব আমাৰ কাৰণে ভাল হ’ব বুলি ভাবিছিলো ৷ কিন্তু দুষ্ট চক্ৰই অপৈণত শালি ধান কাটি পেলাইছে ৷ আমি এই বিষয়ে প্ৰশাসনক অৱগত কৰিছিলো ৷ কিন্তু গা-লৰা নাই প্ৰশাসনৰ ৷ সেয়ে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য ৷ ধানটো যদি উপযুক্ত সময়ত কটা হ’লহেতেন খেতিয়কৰ নিশ্চয় সুবিধা হ’লহেতেন ৷’’

লগতে পঢ়ক:MP Ajit Bhuyan slams BJP: শাসকীয় দলক দুৰ্নীতিগ্ৰস্ত আৰু লুণ্ঠনজীৱী আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.