ETV Bharat / state

কামৰূপৰ কমলপুৰত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

author img

By

Published : Nov 1, 2019, 1:17 PM IST

কমলপুৰ মৰোৱা পথৰ বৰংগবাৰীৰ পৰা কুসুমপুৰ সংযোগী পথটো নিৰ্মাণত ব্যাপক খাম খেয়ালী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে । যাৰ বাবে শুকুৰবাৰে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ।

কামৰূপৰ কমলপুৰত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

কামৰূপ,1 নৱেম্বৰঃ কামৰূপৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰংগবাৰী-চৌৰাকাৰাত পথ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ তুলি শুকুৰবাৰে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে। অভিযোগ অনুসৰি গড়কাপ্তানী বিভাগৰ ৰঙিয়া পথ সংমণ্ডলৰ অধিনত এচ ও পি ডি আঁচনিৰ জৰিয়তে প্ৰায় 60 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল উল্লেখিত পথটোৰ। কিন্তু পথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰে পৰা ঠিকাদাৰে মইমতালি কৰাৰ অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে। ইপিনে ঠিকাদাৰ গৰাকী স্থানীয় হোৱা হেতুকে ৰাইজৰ কোনো অভাৱ অভিযোগ গুৰুত্ব প্ৰদান নকৰি পথটোৰ নিৰ্মাণত নিম্ন মানৰ কাম কৰা বুলিও সংবাদ মাধ্যমক জনায় অঞ্চলবাসীয়ে। যাৰ বাবে ক্ষোভিত অঞ্চলবাসীয়ে নিৰ্মীয়মান পথটোলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।

কামৰূপৰ কমলপুৰত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

লগতে পঢ়কঃদুই লাখ টকীয়া দুটা বিদ্যুৎ মাচুলৰ বিল ! হতবাক গৃহস্ত

ইফালে পথটোৰ নিৰ্মাণত ষ্টন ডাষ্ট অথবা বালি ব্যৱহাৰ কৰিব লাগে যদিও চৰম দায়িত্বহীনতাৰ পৰিচয় দি ঠিকাদাৰে নদীৰ মাটি পথটোৰ নিৰ্মাণত ব্যবহাৰ কৰিছে বুলি অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে। ফলত বৰষুণ দিলে পথটো বোকাময় হোৱাৰ বিপৰীতে ৰ'দ দিলে পথটো ধুলিময় হৈ জীয়াতু ভোগাইছে অঞ্চলবাসীক ।

Intro:Kamalpur Protest Against PWD

V/O:--কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰংগবাৰী- চৌৰাকাৰাত পথ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ তুলি গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে । কমলপুৰ মৰোৱা পথৰ বৰংগবাৰীৰ পৰা কুসুমপুৰ সংযোগী পথটো নিৰ্মাণত ব্যাপক খামখেয়ালী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি অঞ্চলবাসীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অঞ্চলবাসীয়ে কৰা অভিযোগ অনুসৰি গড়কাপ্তানী বিভাগৰ ৰঙিয়া পথ সংমন্ডলৰ অধীনত এচ ও পি ডি আঁচনিৰ জৰিয়তে প্ৰায় ষাঠি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল উল্লেখিত পথটোৰ । কিন্তু পথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰে পৰা ঠিকাদাৰে মইমতালি কৰাৰ অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে । ঠিকাদাৰ গৰাকী স্থানীয় হোৱা হেতুকে ৰাইজৰ কোনো অভাৱ অভিযোগ গুৰুত্ব প্ৰদান নকৰি পথটোৰ নিৰ্মাণত নিম্ন মানৰ কাম কৰা বুলিও সংবাদ মাধ্যমক জানিব দিয়ে অঞ্চলবাসীয়ে । যাৰ বাবে ক্ষোভিত অঞ্চলবাসীয়ে নিৰ্মীয়মান পথটোলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । গড়কাপ্তানী বিভাগ হায় হায়, ঠিকাদাৰ মুৰ্দাবাদ, পথ নিৰ্মাণত খেলিমেলি সহ্য কৰা নহ'ব শ্লোগানেৰে প্ৰতিবাদী লোক সকলে অঞ্চলটোৰ পথটিলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী লোক সকলৰ অভিযোগ ঠিকাদাৰ গৰাকীয়ে পুৰনি পথটো জেছিবিৰে ভাঙি পুৰনি পথটোত থকা শিল সমুহে পথটো মিলাই দিছে। পথটো নিৰ্মাণত নতুনকৈ মেতেলিঙ নকৰাৰ ফলত পথটো অতি দুৰ্বল হব বুলিও সন্দেহ কৰে প্ৰতিবাদী লোক সকলে । ইফালে পথটোৰ নিৰ্মাণত ষ্টন ডাষ্ট অথবা বালি ব্যৱহাৰ কৰিব লাগে যদিও চৰম দায়িত্বহীনতাৰ পৰিচয় দি ঠিকাদাৰে নদীৰ মাটি পথটোৰ নিৰ্মাণত ব্যবহাৰ কৰিছে । ফলত বৰষুণ দিলে পথটো বোকাময় হোৱাৰ বিপৰীতে ৰদ দিলে পথটো ধুলিময় হৈ জীয়াতু ভোগাইছে অঞ্চলবাসীক। উল্লেখ যে ৰাইজে পথটোৰ নিৰ্মাণত হোৱা খেলিমেলিৰ সন্দৰ্ভত পথটোৰ দায়িত্বত থকা গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা বাৰম্বাৰ অবগত কৰাৰ পাছতো কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে ।
বাইট:---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.