ETV Bharat / state

চানডুবিত গুলীবিদ্ধ হাতী পোৱালি উদ্ধাৰ

author img

By

Published : Sep 19, 2020, 8:27 PM IST

ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ গুলীবিদ্ধ হাতীৰ পোৱালীটো উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে ৷

Injured elephant rescued at Chandubi
চানডুবিত গুলীবিদ্ধ হাতী পোৱালি উদ্ধাৰ

দক্ষিণ কামৰূপ, 19চেপ্তেম্বৰঃ প্ৰকৃতিৰ ৰম্যভূমি চানডুবিত গুলীবিদ্ধ অৱস্থাত এটি হাতীৰ পোৱালি উদ্ধাৰ । দুদিন ধৰি হাতীৰ পোৱালিটোৱে চানডুবিৰ সমীপৰ জৰামখুৰীয়া অঞ্চলত ঘূৰি ফুৰিছিল । শনিবাৰে সেই অঞ্চলটোত হাতীৰ পোৱালিটো পৰি থকা দৃশ্য স্থানীয় লোকে প্ৰত্যক্ষ কৰি লোহাৰঘাট বনাঞ্চল বিষয়াক খৱৰ দিয়ে ।

Injured elephant rescued at Chandubi
চানডুবিত গুলীবিদ্ধ হাতী পোৱালি উদ্ধাৰ

ইপিনে ততাতয়াকৈ বনাঞ্চলিক বিষয়া শান্তনু পাটোৱাৰীসহ ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ গুলীবিদ্ধ হাতীৰ পোৱালীটো উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল হাটীতো । আনহাতে হাতীটোৰ মুৰত গুলীৰ আঘাটৰ চিন স্পষ্ট কোনে কিয় পোৱালি হাতীটোৰ মুৰত গুলী মাৰিলে সেয়া এতিয়া ৰহস্যৰ আৰ্ৱত্তত ।

Injured elephant rescued at Chandubi
চানডুবিত গুলীবিদ্ধ হাতী পোৱালি উদ্ধাৰ
লগতে পঢ়কঃ লখিমপুৰত জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.