ETV Bharat / state

ৰঙিয়াত প্ৰশাসনৰ সৌজন্যত স্বচ্ছতা অভিযান

author img

By

Published : Mar 16, 2022, 5:17 PM IST

implementation of cleanliness drive at Rangia
ৰঙিয়াত প্ৰশাসনৰ স্বচ্ছতা অভিযান

ৰঙিয়াত ৰঙিয়া মহকুমা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ সৌজন্যত স্বেচ্ছাসেৱী সংগঠন সাধনাৰ উদ্যোগত ৰঙিয়াত স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন(Cleanliness drive at Rangia) ৷ ৰঙিয়াৰ মহকুমাধিপতি, ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ লগতে বিভিন্ন কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ৷

ৰঙিয়া, 16 মাৰ্চ : ৰঙিয়াত ৰঙিয়া মহকুমা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ সৌজন্যত আৰু স্বেচ্ছাসেৱী সংগঠন সাধনাৰ উদ্যোগত বুধবাৰে ৰঙিয়াত এক স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়(Implementation of cleanliness drive at Rangia) । পুৱাৰ ভাগত আয়োজন কৰা চাফাই অভিযানত উদ‍্যোক্তাসকলে ৰঙিয়াৰ সদাব্যস্ত পথসমূহ পৰিস্কাৰ কৰে । ইয়াৰ পিছত ৰঙিয়াৰ জাৱৰেৰে ভৰি থকা বিভিন্ন স্থান পৰিস্কাৰ কৰি সেই ঠাইসমূহত বৃক্ষৰোপনৰ কাৰ্য‍সূচী গ্ৰহণ কৰা হয় ।

ৰঙিয়াত প্ৰশাসনৰ স্বচ্ছতা অভিযান

এই কাৰ্যসূচীৰ সমান্তৰালকৈ ৰঙিয়া মহকুমা প্ৰশাসনে ৰঙিয়াবাসী ৰাইজক নগৰখন পৰিস্কাৰ কৰি ৰাখিবলৈ অনুৰোধ জনায় । ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকাই সংবাদ মাধ্যমৰ জৰিয়তে ৰঙিয়াবাসীক জাবৰ-জোঁথৰ আদিসমূহ নলা-নৰ্দমাত তথা পথৰ দাঁতিত পেলোৱাৰ সলনি পৌৰসভাৰ পৰা জাবৰ সংগ্ৰহৰ বাবে যোৱা গাড়ীত দিবলৈ অনুৰোধ জনায় ।

implementation of cleanliness drive at Rangia
ৰঙিয়াত প্ৰশাসনৰ স্বচ্ছতা অভিযান

তেওঁ লগতে কয় যে, ৰাইজ সজাগ হ’লেহে ৰঙিয়াখন সুন্দৰ আৰু পৰিস্কাৰ হ’ব । এই চাফাই অভিযানত ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকাৰ লগতে ৰঙিয়াৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, ৰঙিয়া পৌৰসভাৰ কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী সংগঠন সাধনাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : অফলামুখ ফেৰিঘাটত স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.