ETV Bharat / state

কুলশী বন বিভাগৰ অভিযানত চাইকেল সহ চোৰাং কাঠ জব্দ

author img

By

Published : Aug 5, 2021, 10:49 AM IST

chhaygaon
কুলশী বন বিভাগৰ অভিযানত চাইকেল সহ চোৰাং কাঠ জব্দ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ অভিযান ৷ অভিযানত চাইকেল সহ প্ৰায় ৩০ হেজাৰ টকাৰ চোৰাং কাঠ জব্দ ।

ছয়গাঁও, ৫ আগষ্ট : ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কিন্তু তাৰ মাজতো বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ অব্যাহত ৰাখিছে দুষ্টচক্ৰই । ইয়াৰ ভিতৰত কাঠৰ চোৰাং ব্যৱসায় অন্যতম অপৰাধ হিচাপে বিবেচিত হৈছে ।

অসমৰ বনাঞ্চল ধ্বংস কৰি একাংশই অব্যাহত ৰাখিছে কাঠৰ চোৰাং সৰবৰাহ । বন বিভাগৰ চকুৰ সন্মুখতে একাংশ লোকে অসমৰ ভিন্ন প্ৰান্তত এই দুস্কাৰ্য সংঘটিত কৰি আহিছে । বিশেষকৈ কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পাইছে কাঠৰ চোৰাং সৰবৰাহ । যাৰ বাবে ৰাইজ তথা বিভিন্ন দল সংগঠনে বন বিভাগত অভিযোগ উত্থাপন কৰি আহিছে ।

তেনে এক অভিযোগৰ পাছতে ছয়গাঁৱৰ উকিয়াম পথত চলিল বন বিভাগৰ অভিযান । নিশাৰ পৰা পুৱালৈ চলিল বন বিভাগৰ এই অভিযান । বন বিভাগৰ অভিযানত জব্দ চাইকেলসহ বৃহৎ পৰিমাণৰ কাঠ ।

কুলশী আঞ্চলিক বন বিষয়া দ্বিপন ডেকাৰ নেতৃত্বত চলোৱা এই অভিযানত জালুকবাৰী অঞ্চলৰ পৰা জব্দ কৰা হয় চোৰাং কাঠ কঢ়িয়াই নিয়া চাইকেল সহ মূল্যৱান কাঠখিনি ৷ জানিব পৰা মতে ছয়গাঁও উকিয়াম পথেৰে মাজে সময়ে সৰবৰাহ হৈ থকা চোৰাং কাঠৰ বিৰুদ্ধে আন দিনাৰ দৰে বুধবাৰে নিশাও বনাঞ্চলিক বিষয়া গৰাকীৰ নেতৃত্বত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল ৷ নিশাৰ পৰা চলোৱা এই অভিযানৰ অন্তত পুৱা জালুকবাৰীৰ এক অৰণ্য এলেকাত চোৰাং কাঠ ব্যৱসায়ীৰ এটা দলে উকিয়াম পথেৰে চাইকেলেৰে কাঠ কঢ়িয়াই নিয়া প্ৰত্যক্ষ কৰে বন বিভাগৰ লোকসকলে ৷

বন বিভাগৰ দলটোক দেখা মাত্ৰকে চোৰাং কাঠ ব্যৱসায়ীসকলে চাইকেল এৰি পলায়ন কৰে ৷ পাছত বন বিভাগৰ দলটোৱে চাইকেল সহ কাঠখিনি কুলশী বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে ৷ জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ৩০ হেজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :দদৰাত সোণৰ বিস্কুটসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.