ETV Bharat / state

পত্নীক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰিলে স্বামীয়ে

author img

By

Published : Oct 1, 2020, 8:47 PM IST

পত্নীক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰিলে স্বামীয়ে
পত্নীক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰিলে স্বামীয়ে

বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ জিমপুতাত য়ুনু আলি নামৰ লোক এগৰাকীয়ে তেওঁৰ পত্নী মনেনা বেগম ওৰফে ভণ্ডেশ্বৰী ৰাভাক ডিঙি ৰেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷

আজাৰা, 1 অক্টোবৰ: দক্ষিণ কামৰূপৰ জিমপুতাত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় এক লোমহৰ্ষক ঘটনা ৷ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জিমপুতা গাঁৱত সংঘটিত হয় হত্যাকাণ্ডৰ ঘটনা ৷ পাৰিবাৰিক কন্দলৰ বাবে স্বামীয়ে চোকা অস্ত্ৰৰে পত্নীক ডিঙি ৰেপি হত্যা কৰে বুলি জানিব পৰা গৈছে ৷

পত্নীক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰিলে স্বামীয়ে

মৃত মহিলা গৰাকীৰ নাম মনেনা বেগম ওৰফে ভণ্ডেশ্বৰী ৰাভা বুলি জানিব পৰা গৈছে ৷ আনহাতে অভিযুক্ত স্বামীৰ নাম য়ুনু আলি বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, অভিযুক্ত য়ুনু আলিক ৰাইজে উত্তম-মধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে ৷ সম্প্ৰতি য়ুনু আলিক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালত প্ৰেৰণ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি লোকজনক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বৰপেটাত আৰক্ষীৰ জালত ড্ৰাগছ সহ এজন গাড়ী চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.