ETV Bharat / state

ডিটেনশ্যন কেম্পৰ পৰা বন্দীক মুকলিৰ ক্ষেত্ৰত চৰ্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Apr 16, 2020, 4:56 PM IST

13 এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ডিটেনশ্যন কেম্পত দুই বছৰতকৈ অধিক সময় কটোৱা বন্দীক ব্যক্তিগত চৰ্তাৱলী লগতে দুজনকৈ জামিনদাৰৰ দ্বাৰা নিশ্চয়তা প্ৰদান মাজেৰে মুকলি কৰি দিবলৈ আদেশ দিছিল ৷ ইয়াৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ সকলো ডিটেনশ্যন কেম্পে পালন কৰিবলৈ এখন সাধাৰণ নিৰ্দেশনা জাৰি কৰে ৷

gauhati-hc-prescribes-conditions-for-release-from-foreigners-detention-centres
ডিটেনশ্যন কেম্পৰ পৰা বন্দীক মুকলিৰ ক্ষেত্ৰত চৰ্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, 16 এপ্ৰিল: অসমৰ ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা মুকলি কৰি দিয়া হ'ব বন্দীক । কৰ'ণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে 13 এপ্ৰিল তাৰিখে প্ৰদান কৰিছিল এই আদেশ । ইয়াৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ সকলো ডিটেনশ্যন কেম্পে পালন কৰিবলৈ এখন সাধাৰণ নিৰ্দেশনা জাৰি কৰে ৷ এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত ডিটেনশ্যন কেম্পত থকা যোগ্য বন্দীৰ চিনাক্তকৰণ আৰু মুকলিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়মাৱলী ৷ উল্লেখযোগ্য যে, 13 এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ডিটেনশ্যন কেম্পত দুই বছৰতকৈ অধিক সময় কটোৱা বন্দীক ব্যক্তিগত চৰ্তাৱলীৰ লগতে দুজনকৈ জামিনদাৰৰ দ্বাৰা নিশ্চয়তা প্ৰদানৰ মাজেৰে মুকলি কৰি দিবলৈ আদেশ দিছিল ৷

এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিটেনশ্যন কেম্প সমূহক বান্ধি দিয়া নিয়মাৱলী সমূহ ক্ৰমে :-

  • দুজনকৈ ভাৰতীয় নাগৰিকে জামিনদাৰ হৈ 5000 টকাৰ বিনিময়ত মোকলাই নিব পাৰিব বন্দীক ৷
  • বন্দীক নিৰ্দিষ্ট ডিটেনচন কেম্পৰ পৰা মুকলি কৰি দিয়াৰ পাছত তেওঁ থাকিবলগীয়া ঠাইৰ বৈধ তথ্য প্ৰদান কৰিব লাগিব ৷
  • কেম্পৰ পৰা মুকলি কৰি দিয়াৰ পূৰ্বে প্ৰত্যেক গৰাকী বন্দীৰ চকু আৰু দহোটা আঙুলিৰ বায়'মেট্ৰিক তথা মানুহজনৰ ফটো সুৰক্ষিত ডাটাবেজত সংৰক্ষণ কৰিব লাগিব ৷
  • মুকলি হোৱাৰ পাছত প্ৰত্যেক গৰাকী বন্দীয়ে প্ৰত্যেক সপ্তাহত নিজে থকা নিৰ্দিষ্ট ঠাইৰ আৰক্ষী থানা অথবা আউট পোষ্টত উপস্থিত হ'ব লাগিব ৷
  • বন্দী গৰাকীয়ে যদি নিজৰ ঠিকনা সলাব বিচাৰে তেনেহলে উক্ত দিনতেই থানা অথবা আউট পোষ্টত অৱগত কৰিব পাৰিব ৷
  • উল্লেখিত নিয়মাৱলীসমূহ, মুকলি হোৱা কোনো বন্দীয়ে উলংঘা কৰিলে নিৰ্দিষ্ট সময়ৰ পূৰ্বেই উভতাই অনা হ'ব ৷

লগতে পঢ়ক: COVID-19: ভাৰতৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.