ETV Bharat / state

Unlawful act by Rangia municipality : ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে সোচ্ছাৰ বন বিভাগ

author img

By

Published : Mar 3, 2023, 6:47 PM IST

Unlawful act by Rangia municipality
ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে সোচ্ছাৰ বন বিভাগ

বেআইনী কাৰ্যকলাপত লিপ্ত হৈছে ৰঙিয়া পৌৰসভা (Unlawful act of Rangia municipality)। বন বিভাগৰ অনুমতি অবিহনে পৌৰসভাই কাটি পেলাইছে চহৰৰ মাজমজিয়াৰ বহু মূল্যৱান গছ । ক্ষোভিত বন বিভাগ আৰু স্থানীয় ৰাইজ ।

ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে সোচ্ছাৰ বন বিভাগ

ৰঙিয়া,৩ মাৰ্চ : ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব বন বিভাগে (Rangia municipality)। অনুমতি অবিহনে পৌৰসভাই জধে-মধে গছ কটাক লৈ ক্ষোভিত বন বিভাগ । ৰঙিয়া চহৰৰ চিনাকী আৰু বহু পুৰণি গছবোৰ কটাৰ ফলত অসুবিধাত সৰ্বসাধাৰণ জনতা । পৌৰসভাৰ এনে কাৰ্যক ধিক্কাৰ দিছে ৰঙিয়াবাসীয়ে ।

উল্লেখ্য যে যোৱা কেইটামান দিনত ৰঙিয়াবাসীৰ পৰিচিত পুৰণি আৰু আপুৰুগীয়া বৃক্ষ কাটি তহিলং কৰিছে ৰঙিয়া পৌৰসভাই । লগে লগে বিষয়টো সন্দৰ্ভত ৰঙিয়াবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে । লগতে ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী তথা সচেতন মহলে । ৰঙিয়া পৌৰ এলেকাৰ মূল সমস্যাৰূপে পৰিগণিত বিধ্বস্ত আৰু আৱৰ্জনাময় নলা-নৰ্দমাক আওকাণ কৰি ৰঙিয়া পৌৰসভাই এনেদৰে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস কৰা কাৰ্যক একেমুখে গৰিহণা দিছে ৰঙিয়াৰ প্ৰতিটো স্তৰৰ ৰাইজে (Rangia municipality cut down trees)।

আনহাতে বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমে বন বিভাগৰ লগত যোগাযোগ কৰাত এক আচৰিত কথা পোহৰলৈ আহিছে । সচৰাচৰ গছ কটাৰ পূৰ্বে বন বিভাগৰ পৰা অনুমতি ল'ব লাগিছিল পৌৰসভাই । কিন্তু মইমতালিৰে বন বিভাগৰ পৰা কোনো অনুমতি নোলোৱাকৈ ৰঙিয়া পৌৰ সভাই ধ্বংসযজ্ঞ চলাইছে বুলি জানিবলৈ দিয়ে বিভাগটোৱে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰঙিয়া পৌৰ প্ৰশাসনৰ বিৰূদ্ধে বন বিভাগে কঠোৰ ব্যৱস্থা ল'ব বুলিও জানিবলৈ দিয়ে উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া চানী চৌধুৰীয়ে (Forest Department angry over Rangia Municipality)।

তেওঁ উল্লেখ কৰা মতে পৌৰ প্ৰশাসনক জৰিমনা বিহাৰ লগতে নিজাববীয়াকৈ গোচৰো ল'ব বন বিভাগে । আনহাতে এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব বন বিভাগে । আনহাতে জধে-মধে গছবোৰ কাটি পেলোৱাত সাধাৰণ ৰাইজেও উদ্বেগ প্ৰকাশ কৰিছে (Rangia municipality cuts trees illegally)।

জানিব পৰা মতে উৎকত গৰমত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উপৰিও অভিভাৱকসকলে জিৰণি লৈছিল শান্তিৰাম লহকৰ শিশু উদ্যানখনত । কিন্তু সেই উদ্যানখনত থকা বহু পুৰণি গছবোৰ কাটি পেলোৱাত পৌৰসভাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল ।

লগতে পঢ়ক :BJP leader raped Girlfriend: প্ৰেমিকাক ধৰ্ষণ কৰি পলাতক বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.