ETV Bharat / state

কৃত্ৰিম বানত বুৰিল ৰঙিয়াৰ মুৰাৰা অঞ্চল

author img

By

Published : May 26, 2021, 6:04 AM IST

বিগত 15 দিনৰ পৰা কৃত্ৰিম বানত ডুব গৈছে ৰঙিয়াৰ মুৰাৰাবাসী ৷ বৃহত্তৰ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অঞ্চলটো কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব বুলি আশা প্ৰকাশ স্থানীয় ৰাইজৰ ৷

rangia flood
ৰঙিয়াত কৃত্ৰিম বান

ৰঙিয়া,25 মে’: এফালে মহামাৰীৰ আতংক আৰু আনফালে ৰাজ্যত বানৰ তাণ্ডৱ ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ভিড মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে দেখা দিছে আন এক ৰোগে ৷ শেহতীয়াকৈ মানুহৰ দেহত বিয়পি পৰিছে ব্লেক ফাংগাছ, হোৱাইট ফাংগাছ আৰু য়েল্ল’ ফাংগাছ নামৰ ৰোগবিধে ৷

এই মহামাৰীৰ লেখীয়াকৈ ৰাজ্যবাসীৰ চিৰ পৰিচিত সমস্যা হৈছে বান সমস্যা ৷ বাৰিষাৰ লগে লগে বানৰ তাণ্ডৱে সমগ্ৰ ৰাজ্যবাসী বিশেষকৈ নৈপৰীয়া ৰাইজক বিপদৰ মুখলৈ ঠেলি দিয়ে ৷ বানত ককবকাইছে ৰঙিয়াৰ মুৰাৰাৰ স্থানীয় ৰাইজে ।

ৰঙিয়াত কৃত্ৰিম বান

পিছে এয়া বাৰিষাৰ বলিয়া বান নহয় ৷ কৃত্ৰিম বানতহে ডুবিছে মুৰাৰাবাসী ৷ বিগত 15 দিনৰ পৰাই কৃত্ৰিম বানত দুৰ্ভোগ ভুগিবলগীয়া হৈছে মুৰাৰাৰ বহুকেইটা পৰিয়ালে ৷

ধাৰাসাৰ বৰষুণৰ বাবে মুৰাৰাৰ এক বৃহৎ অংশ ডুব গৈ আছে কৃত্ৰিম বানত । একাংশ লোকৰ অপৰিকল্পিত গৃহ নিৰ্মাণ তথা নলা -নৰ্দমা বন্ধ কৰি দিয়াৰ বাবে এনে ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হ’ব লগা হৈছে এইসকল লোকে । বৃহত্তৰ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অঞ্চলটো কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব বুলি আশাৰে বাট চাইছে মুৰাৰাৰ জনসাধাৰণে ।

লগতে পঢ়ক : চাপৰ আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.