ETV Bharat / state

আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰা এটি পৰিয়ালৰ কৰুণ কাহিনী

author img

By

Published : Aug 26, 2020, 8:34 PM IST

ৰাজ্যত বান পৰিস্থিতি শাম কাটিলেও আজিও আশ্ৰয় শিবিৰত দিন পৰা কৰিবলগীয়া হৈছে একাংশ নৈপৰীয়া ৰাইজে ৷

family spent the day in the shelter camp in Kamrup
family spent the day in the shelter camp in Kamrup

কামৰূপ, 26 আগষ্ট: যোৱা 11 জুলাইৰ নিশা বগৰীবাৰীৰ মথাউৰি ছিগাৰ লগে লগে বহুলোকৰ জীৱনলৈ নামি আহিছিল অমানিষা । বানত বহুলোকৰ শস্য-পথাৰ, পশুধন, পুখুৰীৰ মাছ আদিৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোকৰ একমাত্ৰ মৰমৰ আশ্ৰয়ৰ থলীৰ ঘৰখনো উঠি গৈছিল । মথাউৰি ছিগাৰ ডেৰমাহ পাৰ হ’ল যদিও আজিও আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিছে একাংশ পৰিয়ালে ৷

নৈখনৰ একেবাৰে কাষতেই থকা অঞ্চলত পানী শুকাইছে যদিও ঘৰলৈ ওভতি যাব পৰা নাই অঞ্চলবাসী । কাৰণ হঠাতে অহা নদীৰ ধলে বেছি ভাগৰেই ঘৰৰ ভিতৰে বাহিৰে তিনিৰ পৰা সাত ফুটলৈ বালিৰে পুতি পেলাইছে । কাৰোবাৰ শুৱনি কোঠাত যদি একাঠু বোকা আনফালে আকৌ আন কাৰোবাৰ চোতালত বালিৰ ডাঠ তৰপ । আনকি বাৰীখনো বালিৰ ডাঠ তৰপে পুতি পেলোৱাৰ উপৰিও নদীৰ সোঁতত উঠি অহা জাৱৰৰ দম । খেতি কৰি কোনোমতে পেটে ভাতে খাই চলি থকা বেছিভাগ লোকৰেই ঘৰৰ বেৰ, ভেটি আদি ভাঙি পেলাইছে বানে । কণ-কণ সন্তানক লৈ এতিয়াও আশ্ৰয় শিবিৰত থকা বেছিভাগৰেই অৱস্থা তথৈবচ ।

আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰা এটি পৰিয়াল

বছৰেকৰ খেতিটো নষ্ট হোৱাৰ পিছত এতিয়া ঘৰখন ঠিক কৰিবলৈও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা বেছিভাগ লোকৰ বাবে অসাধ্য হৈ পৰিছে । আনহাতে চৰকাৰী বিভাগেও এবাৰ জৰীপ চলায়েই সামৰিছে নিজৰ দায়িত্ব । আশ্ৰয় শিবিৰত পৰিয়াল সহ কোনোমতে দিন পাৰ কৰা এই সকল নৈপৰীয়াই কেতিয়ানো নিজৰ মৰমৰ ঘৰখনলৈ ওভতি যাব পাৰিব তাকে ভাবি পাৰাপাৰ নোপোৱা হৈছে ।

লগতে চাওক-আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত 600 টা উইকেট দখল জেমছ এণ্ডাৰছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.