ETV Bharat / state

Eviction drive at Gizang Reserve: গিজাং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান

author img

By

Published : Jan 19, 2023, 1:35 PM IST

Eviction drive at Gizang Reserve Forest in Boko Kamrup
গিজাং সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত

এইবাৰ কামৰূপ জিলাৰ বকোৰ গিজাং সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। গিজাং বনাঞ্চলত অবৈধভাৱে ৰোপণ কৰা তামোলবাৰী এফালৰ পৰা কাটি তহিলং কৰিলে বন বিভাগে (Eviction drive at Gizang Reserve Forest) ৷

গিজাং সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত

বকো, 19 জানুৱাৰী: দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে উচ্ছেদ অভিযান ৷ চৰকাৰী ভূমিত বেদখলকৃভাৱে আশ্ৰয় লোৱা সকলো অবৈধ বেদখলকাৰী লোকক এফালৰ পৰা উচ্ছেদ কৰি গৈছে ৰাজ্য চৰকাৰে ৷ বনাঞ্চলসমূহতো চলিছে এই উচ্ছেদ অভিযান (Encroachments at forest areas)। আজিৰে পৰা কামৰূপ জিলাৰ বকোৰ গিজাং সংৰক্ষিত বনাঞ্চলত বন বিভাগে আৰম্ভ কৰিছে উচ্ছেদ অভিযান । সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবলৈ আৰম্ভ কৰিছে এই উচ্ছেদ অভিযান ।

পুৱাৰে পৰা গিজাং বনাঞ্চলত অবৈধভাৱে ৰোপণ কৰা তামোলবাৰী এফালৰ পৰা কাটি চুৰমাৰ কৰে বন বিভাগে (Eviction drive at Gizang Reserve Forest)। বন বিভাগৰ দলে পুৱাই গিজাং বনাঞ্চলৰ আপাৰ বামুণীগাঁৱৰ পাহাৰত চলায় উচ্ছেদ অভিযান । ইফালে এই উচ্ছেদক কেন্দ্ৰ কৰি গাঁওবাসীৰ মাজত সৃষ্টি হয় চাঞ্চল্যৰ পৰিস্থিতি ৷ আগজাননী নিদিয়াকৈ বন বিভাগে উচ্ছেদ চলোৱাৰ অভিযোগ গাঁওবাসীৰ ।

ইফালে লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলতো কিছুদিন পূৰ্বে চলিছিল উচ্ছেদ অভিযান (Pabha Reserved Forest) ৷ জিলা প্ৰশাসনে 10 জানুৱাৰীত বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱাৰ নিৰ্দেশনা দিছিল (Eviction drive at Pabha Reserved Forest ) ৷ সেই নিৰ্দেশনা অনুসৰিয়েই পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰথমটো দিনৰ অন্ত পৰে ৷

লগতে পঢ়ক: Eviction drive at Pabha Reserved Forest: পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান

উল্লেখনীয় যে আৰক্ষীৰ এটা বৃহৎ দলক কেইবাদিন পূৰ্বেই উচ্ছেদ অভিযানৰ বাবে প্ৰস্তুতি কৰা দেখা পাই বেদখলকাৰীয়ে ঘৰ দুৱাৰ ভাঙি আঁতৰি যোৱাৰ বাবে অভিযানকাৰী দলে কেৱল ঘৰৰ ভেটি অথবা দুই এটা এৰি যোৱা খুটাহে ভাঙিবলগীয়া হয় । আনহাতে বেদখলকাৰীয়ে কৰা সৰিয়হ খেতি, বাৰীত ৰোৱা কল, তামোলৰ গছ আদি বিনষ্ট কৰি পেলায় উচ্ছেদকাৰী দলে ৷ ইয়াৰোপৰি মাছ পোহা পুখুৰী, সাাজি লোৱা পথ আদিও ধ্বংস কৰা হয়। অৱশেষত পাভ সংৰক্ষিত বনাঞ্চলৰ মুঠ 501 হেক্টৰ ভূমি বেদখলমুক্ত কৰে প্ৰশাসনে ৷

ইফালে নগাঁৱতো কিছুদিন পূৰ্বে চলিছিল উচ্ছেদ অভিযান ৷ নগাঁও জিলা প্ৰাশসনে উচ্ছেদ অভিযান চলাইছিল বটদ্ৰৱাৰ বেদখলকৃত ভূমিত (Eviction at Batadrava) ৷ প্ৰথমে শান্তিজান বজাৰত থকা বেদখলকৃত ভূমিত বুলড’জাৰেৰে উচ্ছেদ চলোৱাৰ পাছত হাইডুবিৰ বিজ ফাৰ্ম আৰু লালুং বস্তিত চলাইছিল এই উচ্ছেদ অভিযান (Eviction at Batadrava encroached area) ৷ লালুংবস্তিত চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে পুখুৰী খন্দাৰ উপৰিও নিৰ্মাণ কৰা সৰু সুৰা বাট পথ এস্কেভেটৰেৰে খান্দি নিচিহ্ন কৰি দিয়ে জিলা প্ৰশাসনে । বটদ্ৰৱাৰ মুঠ 11শ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰে প্ৰশাসনে ৷

পৰবৰ্তী সময়ত ৰাজ্যৰ আন কোন ঠাইত চলে প্ৰশাসনৰ উচ্ছেদ অভিযান সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Batadrava Eviction Update : বেদখলমুক্ত হ’ল বটদ্ৰৱাৰ 11শ বিঘা চৰকাৰী ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.