ETV Bharat / state

দুই গজৰাজৰ যুঁজত কঁপিল ৰাণী

author img

By

Published : Oct 12, 2019, 6:59 PM IST

Updated : Oct 12, 2019, 7:11 PM IST

ৰাণীত দুই গজৰাজৰ তয়াময়া ৰণ ৷ গজৰাজৰ ৰণত কঁপিল পাটগাঁৱৰ পথাৰ ৷

গজৰাজৰ তয়াময়া ৰণ

দক্ষিণ কামৰূপ, অক্টোবৰ 12 : ৰাণীত দুই গজৰাজৰ তয়াময়া ৰণ ৷ গজৰাজৰ ৰণত কঁপিল পাটগাঁৱৰ পথাৰ ৷ যোৱা কিছুদিন ধৰি ৰাণীৰ পাটগাওঁ, ধনীপাৰা,জৱেগাঁও আদি অঞ্চলত বিচৰণ কৰিছিল বন্যহস্তীয়ে ৷

গজৰাজৰ তয়াময়া ৰণ

খাদ্যৰ সন্ধানত ৰাণী বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে তহিলং কৰে অঞ্চলটোৰ ধাননি পথাৰৰ লগতে বহু লোকৰ বাৰীৰ ফচল ৷ তাৰেই দুটা হাতীয়ে পাটগাঁৱৰ পুৰণি দুৰ্গা মন্দিৰৰ সমীপৰ পথাৰত এইদৰে যুঁজ কৰা পৰিলক্ষিত হয় ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উপস্থিত হৈ খেদি পঠিয়াই হাতী দুটা ৷

Intro:ৰাণীত বনাঞ্চলৰপৰা খাদ্যৰ সন্ধানত জনাঞ্চলত বনহস্তী । যুঁজ কৰি থাকিল দুটা হাতী ।Body:Ocvo...যোৱা কিছুদিন ধৰি মহানগৰীৰ ৰাণীৰ পাটগাওঁ, ধনীপাৰা,জৱেগাঁৱৰ বিভিন্নজনৰ ঘৰৰ বাৰীত সোমাই বৃহৎ বনৰীয়া হাতীৰ জাকে ৰাণী সংৰক্ষিত বনাঞ্চলৰপৰা খাদ্যৰ সন্ধানত ওলাই আহি বিভিন্নজনৰ ঘৰৰ বাৰীত সোমাই কঠাল,ক'ল, তামোল ইত্যাদি বিভিন্ন খাদ্য শস্য নষ্ট কৰি আহিছে । আন দিনৰ দৰে যোৱাকালিও সন্ধিয়া ছয়মান বজাৰপৰা প্ৰায় ৪০ টা বনৰীয়া হাতী খাদ্যৰ সন্ধানত নামি আহি পাটগাওঁ পুৰণা দুৰ্গা মন্দিৰৰ সমীপৰ পথাৰত পানীত নামি ঘাহ-বন খোৱাত ব্যস্ত হৈ পৰে । এনেতে মাজনিশা আকৌ প্ৰায় ১০টা হাতীৰ জাকে কেইজনমানলোকৰ বাঁহ গছ খোৱাৰ উপৰি ৭০ ডালৰো অধিক নতুনকৈ ৰুই থোৱা তামোলৰ পুলি, জিকা, ৰঙালাও, উৰহি ইত্যাদি খাদ্যশস্য গছকি নষ্ট কৰি আতৰি যায় । আনহাতে আতৰি যোৱা হাতীৰ দল দুটাৰ দুটা হাতীয়ে আজিয়ে দিনৰভাগলৈ যুঁজ বাগৰ কৰি থাকে । এনেকৈ যুঁজ কৰি থকা অৱস্থাতে গাঁঁৱৰে দুঘৰ মানুহৰ বাৰীত সোমাই যায় তামোল, কল আদি নষ্ট কৰে । পিছত ৰাণীস্থিত বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত ততালিকে বন বিভাগৰ দল উপস্থিত হৈ হাতীদুটা খেদি পঠিয়াই । Conclusion:উল্লেখ্য যে দিনক দিনে ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ অভাৱত এনেদৰে জনাঞ্চললৈ ওলাই আহে হাতীৰ জাকসমুহ ।



দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Oct 12, 2019, 7:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.