ETV Bharat / state

নিৰ্বাচনী হিংসা: দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে চিপিআই(এম)ৰ কাৰ্যালয়

author img

By

Published : Mar 26, 2021, 3:07 PM IST

প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজতো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যত সংঘটিত হ'ল বিক্ষিপ্ত ঘটনা । ৰঙিয়াৰ গোপালপুৰত মহাজোঁটৰ অংশীদাৰ চিপিআই(এম)ৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই । ফালি পেলালে মহাজোঁট সমৰ্থিত চিপিআই(এম) প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰৰ বেনাৰ পোষ্টাৰ ।

ৰঙিয়াৰ গোপালপুৰত চিপিআই(এম)ৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই
ৰঙিয়াৰ গোপালপুৰত চিপিআই(এম)ৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই

ৰঙিয়া, ২৬ মাৰ্চ: কাইলৈ অৰ্থাৎ ২৭ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । কিন্তু প্ৰশাসনৰ নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজতো নিৰ্বাচনৰ প্ৰাক ক্ষণত ৰাজ্যত সংঘটিত হৈছে হিংসাত্মক ঘটনা । বৃহস্পতিবাৰে নিশা ৰঙিয়াৰ গোপালপুৰত দুৰ্বৃত্তই ভাঙিলে চিপিআই(এম)ৰ নিৰ্বাচনী কাৰ্যালয় ।

লগতে ফালি পেলালে মহাজোঁট সমৰ্থিত চিপিআই(এম) প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰৰ বেনাৰ পোষ্টাৰ । কেৱল ইমানতে ক্ষান্ত নাথাকিল দুৰ্বৃত্ত । আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই নিৰ্বাচনী কাৰ্যালয়ৰ টিনপাট পৰ্যন্ত খুলি নিয়ে । শুকুৰবাৰে পুৱা মহাজোঁটৰ সমৰ্থকসকলে লণ্ড-ভণ্ড হৈ থকা কাৰ্যালয়টো প্ৰত্যক্ষ কৰে ।

মহাজোঁট সমৰ্থিত প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰৰ উত্থানত শংকিত হৈ শাসকীয় দলৰ সমৰ্থকে এই বিক্ষিপ্ত কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰিছে মহাজোঁটৰ সমৰ্থকসকলে । লগতে এই হিংসাত্মক কাৰ্যৰে জড়িত লোকসকলক উচিত শাস্তি প্ৰদানৰ বাবে সমৰ্থকসকলে প্ৰশাসনক দাবী জনায় ।

লগতে পঢ়ক:প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ যোৰহাটৰ জিলা উপায়ুক্তৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.