ETV Bharat / state

ছয়গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jan 4, 2021, 7:50 AM IST

জাহিৰপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো নগাঁৱৰ এগৰাকী গাড়ীচালকৰ ৷

deadbody recovered near brahmaputra in chaigaon assam etv bharat news
ব্ৰহ্মপুত্ৰৰ পাৰত মৃতদেহ উদ্ধাৰ

বকো,4 জানুৱাৰী: দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ জাহিৰপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ এটি মৃতদেহ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,কিছুদিন পূৰ্বে নগাঁৱৰ ৰামু নায়ক নামৰ এগৰাকী গাড়ী চালকক অপহৰণ কৰিছিল এটা দুৰ্বৃত্তৰ দলে ৷ পৰৱৰ্তী সময়ত অপহৰণকাৰীৰ দলটোৱে চালকজনক নিৰ্মমভাৱে হত্যা কৰি ছয়গাঁৱৰ জাহিৰপুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত গাঁত খান্দি পুতি থয় ৷

ইফালে গাড়ীচালকগৰাকী সন্ধানহীন হোৱাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে ৷ এই অনুসন্ধানৰ মাজতে দেওবাৰে পুৱতি নিশা বকোৰ সোণতলীত এটা ছাগলী চোৰৰ চক্ৰৰ দুজন চোৰক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ উক্ত চোৰ দুটাক অপহৃত ৰামু নায়কৰ সন্দৰ্ভত সোধ-পোছ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ চোৰ দুটাই নগাঁৱৰ অপহৃত গাড়ীচালকগৰাকীক হত্যা কৰি জাহিৰপুৰৰ ব্ৰহ্মপুত্ৰৰ বালিত পুতি থোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীৰ অভিযান অব্যাহত আছে ৷

লগতে চাওকঃ ধিঙত সলিল সমাধি ডেৰ বছৰীয়া শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.