ETV Bharat / state

Air Pollution in Assam : ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ আঁচনি ৰূপায়ণত ব্যৰ্থ চৰকাৰ

author img

By

Published : Mar 23, 2023, 9:19 PM IST

অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে, ৰাজ্যৰ চহৰাঞ্চলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে (worst condition of air pollution in Assam) । যোৱা ফেব্ৰুৱাৰীত অসমৰ কেইবা ঠাইতো বায়ু প্ৰদূষণৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল । বিশেষকৈ গুৱাহাটী মহানগৰীত বায়ুৰ গুণমান সূচক (Air Quality Index) ‘অতি বেয়া’লৈ (৩০১ ৰ পৰা ৪০০) গতি কৰাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছিল ।

Climate change
Climate change

গুৱাহাটী, ২৩ মাৰ্চ : ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (Assam State Pollution Control Board) জ্যেষ্ঠ পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই জনোৱা‌ মতে, ৰাজ্যৰ পাঁচখন চহৰ ক্ৰমে গুৱাহাটী, শিলচৰ, শিৱসাগৰ, নলবাৰী আৰু নগাঁৱৰ বায়ু প্ৰদূষণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Air pollution rises in Assam cities) । তেওঁ কয় যে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা চহৰকেইখনত ধূলিৰ প্ৰদূষণ, যান-বাহনৰ প্ৰদূষণ আদি ৰোধ কৰাৰ বাবে কোনো উচিত ব্যৱস্থা নাই ।

তথ্য মতে, বায়ু প্ৰদূষণৰ কবলত পৰা চহৰকেইখনত বায়ুৰ গুণগত সূচাংক পি এম ১০, নাইট্ৰ’জেন অক্সাইড, ছালফাৰ-ডাই-অক্সাইডৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (worst condition of air pollution in Assam) । বৰ্ধিত বায়ু প্ৰদূষণে মানুহৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে শ্বাসকফ আৰু হাঁপানি ৰোগ বৃদ্ধি কৰে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য মতে, শ্বাসকফ বেমাৰ হোৱাৰ ক্ষেত্ৰত দেশৰ ২৯ ৰাজ্যৰ ভিতৰত অসম ১৫ সংখ্যক স্থানত আছে । পৰিষদৰ তথ্য মতে, ৰাজ্যত ১৫ লাখ শ্বাসকফ ৰোগী আছে । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতে শ্বাসকফ ৰোগী বেছি আছে ।

জলবায়ু পৰিৱৰ্তনৰ কবলত পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো প্ৰদূষিত চহৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰৰ কোনো বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ কাৰ্যকৰী পৰিকল্পনা গ্ৰহণ কৰা পৰিলক্ষিত ‌হোৱা নাই । ৰাজ্য চৰকাৰে ২০১৭ চনত আৰম্ভ কৰা “ৰাষ্ট্ৰীয় নির্মল বায়ু আচঁনি”খন কাগজে-কলমে কাম কৰি থকা দেখা গৈছে । উল্লেখ্য যে উদ্যোগৰ বৰ্জিত পানী এৰি দিয়াৰ ফলত সৃষ্টি হ’ব পৰা পানী প্ৰদূষণ ৰোধৰ বাবে অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে তেনে উদ্যোগসমূহে “বর্জিত পানী নিষ্কাশন প্ৰণালী” সংযোগ কৰাটো বাধ্যতামূলক কৰিছে । কিন্তু এয়া‌ বাস্তৱত কাৰ্যকৰী হোৱা নাই । এনে উদ্যোগৰ বিৰুদ্ধে পৰিষদ চকুমুদা কুলিৰ‌ ভাওজুৰি থাকে ।

অসমৰ বন বিভাগে ইতাভাটাসমূহৰ পৰা নিৰ্গমন হোৱা সেউজগৃহ গেছৰ পৰিমাণ হ্রাস কৰাৰ উদ্দেশ্যে নৱপ্ৰযুক্তিৰ সংযোজন আৰু বিকল্প শক্তিৰ সন্ধানৰ বাবে অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি আৰু প্ৰদূষণ নিয়ন্ত্রণ বোর্ড, অসমৰ পৰামৰ্শৰ মাধ্যমেৰে “Pre-feasibility Studies for Implementation of Green Brick Production Technologies in Assam" শীর্ষক এক অধ্যয়ন সম্পন্ন কৰিছে । উক্ত অধ্যয়নত অসমৰ ইটাভাটাসমূহৰ প্ৰদূষণ কমাবৰ কাৰণে বিকল্প অধিক সেউজ আৰু নতুন প্রযুক্তি যেনে ভার্টিকেল ছাফ্‌ফ্ট ইটাভাটা (Vertical Shaft Brick Kiln), জিগ্‌ জেগ ভাতা (Zig Zag Kiln), কম্প্ৰেছড্ আর্থ ব্লক (Compressed Earth Block) আদিৰ লগতে আভ্যন্তৰীণ ইন্ধন আৰু নবীকৰণযোগ্য সেউজ শক্তিৰ ব্যৱহাৰৰ সম্ভাৱনাৰ বিষয়ে পৰামৰ্শ আগবঢ়োৱা হৈছে ।

কিন্তু এয়া বাস্তৱত কাৰ্যকৰী হোৱা নাই । মন কৰিবলীয়া যে অসমত জলবায়ু পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ২০১৩ চনতে অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন কৰ্মআঁচনি প্ৰস্তুত ( ২০১৫-২০২০) কৰিছিল । এই আঁচনিখন চৰকাৰে কাৰ্যকৰী কৰাত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে । শেহতীয়াভাৱে চৰকাৰৰ কেবিনেট বৈঠকত এই আঁচনিখন পুনৰ নতুনকৈ প্ৰস্তুত কৰাৰ‌ বাবে সিদ্ধান্ত লৈছে । উল্লেখ্য যে চৰকাৰৰ তথ্য মতে, বন‌ বিভাগৰ বিশেষ বৃক্ষৰোপণ আঁচনিৰ অধীনত ২০১৯-২০ চনত অসমত ২০৮৪ হেক্টৰ‌ ভূমি বৃক্ষৰোপণ কৰা‌ হৈছিল । পিছত ২০২০-২১ চনত অসমত মাত্ৰ ৭৯ হেক্টৰ‌ ভূমিতহে বৃক্ষৰোপণ কৰা‌ হয় । এনেদৰে চৰম অৱহেলাৰে অসমত জলবায়ু পৰিৱৰ্তনৰ লগত‌ মোকাবিলা‌ কৰাৰ বাবে চৰকাৰে কাম কৰি আছে ।

লগতে পঢ়ক :Deprived From Govt Schemes: চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা লখিমপুৰৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.