ETV Bharat / state

Textbook in English Medium: ইংৰাজীত গণিত-বিজ্ঞানৰ পাঠ্যপুথি দেখি স্তম্ভিত শিক্ষাৰ্থী

author img

By

Published : Apr 1, 2023, 10:29 PM IST

ৰাজ্যৰ কণ কণ শিক্ষাৰ্থীৰ মূৰত শিক্ষা বিভাগৰ ৰামটাঙোন । প্ৰাথমিক পৰ্যায়ৰে পৰা মাতৃভাষাত অধ্যয়ন কৰি অহা গণিত আৰু বিজ্ঞান এতিয়াৰে পৰা অধ্যয়ন কৰিব লাগিব ইংৰাজী মাধ্যমত । অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে ছপা কৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি আহিল ইংৰাজী মাধ্যমত(Class VI Mathematics and Science Textbook in English Medium) । তাকে লৈ বিবুধিত শিক্ষক-শিক্ষাৰ্থী ।

Textbook in English Medium
শিক্ষা বিভাগৰ আজৱ কাণ্ড: ইংৰাজীত গণিত-বিজ্ঞানৰ পাঠ্যপুথি

ইংৰাজীত গণিত-বিজ্ঞানৰ পাঠ্যপুথি দেখি স্তম্ভিত শিক্ষাৰ্থী

ৰঙিয়া,১ এপ্ৰিল: বিতৰ্ক আৰু শিক্ষা বিভাগ যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি(Department of Education in controversy) । বাৰে বাৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি চমক সৃষ্টি কৰিব খোজা শিক্ষা বিভাগে পুনৰ দেখুৱালে চমক । লাখ লাখ কণ কণ শিক্ষাৰ্থীক অন্ধকাৰত ৰাখি ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ছপালে ইংৰাজীত । "ক" মানৰ পৰা মাতৃভাষাত পঢ়ি অহাৰ পিছত হঠাৎ ইংৰাজী পাঠ্যপুথি দেখি হতবাক হৈছে শিক্ষাৰ্থীসকল(Class VI Mathematics and Science Textbook in English Medium) ।

ইফালে ৰাজ্যৰ ৭০ শতাংশ মধ্য ইংৰাজী বিদ্যালয়ত নাই বিজ্ঞান শিক্ষক(No science teacher in ME school in Assam) । স্নাতক ডিগ্ৰীধাৰী শিক্ষক অবিহনেই চলি আহিছে মধ্য ইংৰাজী বিদ্যালয়সমূহ । যাৰ ফলত বিবুধিত পৰিছে শিক্ষক সমাজ । লাখ লাখ কণ কণ শিক্ষাৰ্থীক গিনিপিগ সজাই ৰাজ্যৰ শিক্ষা বিভাগে প্রদর্শন কৰিছে এই চৰম হঠকাৰিতা ৷ ছাত্র-ছাত্রী, শিক্ষকক চূড়ান্ত বিবুধিত পেলাই এইবাৰ হঠাৎ ইংৰাজী ভাষাত ছপা হৈছে ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ।

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে(Assam State Textbook Preparation and Publication) ছপা কৰা পাঠ্যপুথিসমূহ ৰাজ্যৰ একাংশ বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ হাতত পৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ‘ক’ শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমত গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি অহা শিক্ষাৰ্থীৰ মূৰত যেন সৰগ ভাগি পৰিছে । সমান্তৰালভাৱে অসমীয়া, বড়ো, বাংলা, হিন্দী, মণিপুৰী আদি মাধ্যমৰ শিক্ষকসকলেও ইংৰাজী ভাষাত ছপা পাঠ্যপুথি দেখি বিপাঙত পৰিছে ।

এক কথাত ক'বলৈ গ'লে অতি গোপনে শিক্ষা বিভাগে ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ বিষয় দুটা পাঠদানৰ মাধ্যমেই সলনি কৰি দিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত ইংৰাজী মাধ্যমত পাঠদান কৰা হ'ব বুলি ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচত হঠাৎ ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিহে ইংৰাজীত ছপোৱাত ৰহস্যৰো সৃষ্টি হৈছে । পিছে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিভাগটোৱে কিবা চিন্তা কৰিবনে ? শিক্ষক তথা শিক্ষাৰ্থীসকলৰ মাজত এয়া এক লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: Governor in Nalbari: নলবাৰীৰ সংস্কৃত বিশ্ববিদ্যালয়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.