ETV Bharat / state

মিৰ্জাত মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী পালন

author img

By

Published : Nov 29, 2020, 8:30 PM IST

celebrating-the-ninth-death-anniversary-of-mamoni-roisham-goswami-at-mirza
মিৰ্জাত মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী পালন

মিৰ্জাত মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী পালন ৷ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই পালন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

দক্ষিণ কামৰূপ, 29 নৱেম্বৰ : জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকীত দক্ষিণ কামৰূপৰ মিৰ্জাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই সাহিত্যিক গৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাৰ চ'কটো মামণি ৰয়ছম গোস্বামী নামেৰে নামাকৰণ কৰি মামণি ৰয়ছম গোস্বামীৰ স্মৃতিত উদ্যানকে ধৰি এটা মূৰ্তি নিৰ্মাণৰ দাবী জনায় ৷ লগতে, পলাশবাৰীৰ পৰা চানডুবিলৈ নতুনকৈ নিৰ্মাণ হ'ব লগা পথটিও মামণি ৰয়ছম গোস্বামীৰ নামেৰে নামাকৰণ কৰাৰ বাবে দাবী জনাইছে আছুৱে ৷

উল্লেখ্য যে, দক্ষিণ কামৰূপৰ আমৰাঙ্গা বৰিহাটৰ জগলীয়া নৈৰ পাৰত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ ৰাইজৰ বাবে বিশিষ্ট সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীয়ে দি থৈ যোৱা বহুতো অৱদান আছে । তাৰ ভিতৰত ৰাইজৰ বাবে এখন চিকিৎসালয় নিৰ্মান কৰাৰ সপোন আছিল মামণি ৰয়ছম গোস্বামীৰ ৷ সেয়ে 2008 চনত নেদাৰলেণ্ডত 'Prince Clause' বঁটা লাভ কৰি সাহিত্যিক গৰাকীয়ে পিতৃ উমাকান্ত গোস্বামীয়ে দান কৰা মাটিত চিকিৎসালয়খন নিৰ্মাণৰ বাবে দান কৰিছিল 40 লাখ টকা ৷ কিন্তু আজিকোপতি সম্পূৰ্ণ নহ'ল মামণি ৰয়ছম গোস্বামীৰ আধৰুৱা সপোন ৷

আছু নেতাৰ মন্তব্য

লগতে পঢ়ক : বাইহাটাত ৭০ কাৰ্টন নেষ্টলে এভৰী ডে’ ডেইৰী মিল্কৰ পেকেট জব্দ

ইফালে, সেই সময়ৰ তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন প্ৰতিষ্ঠা কৰাৰ সময়তে 12 খন বিচনাযুক্ত চিকিৎসালয়ৰ পৰা 30 খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু মন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ'ল ৷ কেৱল এয়াই নহয়, সাহিত্যিক গৰাকীয়ে বিচৰা মতেই চিকিৎসালয়খন নিজৰ দেউতাক উমাকান্ত গোস্বামী আৰু খুড়াক চন্দ্ৰকান্ত গোস্বামীৰ নামত নামাকৰণ কৰা হ’ল যদিও চৰকাৰী নথি-পত্ৰত চিকিৎসালয়খন এতিয়াও আমৰাঙ্গা-বৰিহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় নামেৰেই চলি আছে ৷

আনহাতে, মিৰ্জাৰ চ'কটোত বিপদ নিবাৰক সমিতিৰ উদ্যোগত মামণি ৰয়ছম গোস্বামীৰ এটি আবক্ষ মূর্তি স্থাপন কৰে । মূৰ্তিটোৰ শুভাৰম্ভ কৰে বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে ।

লগতে পঢ়ক : জ্ঞানপীঠ বঁটা বিজয়িনী মামণি ৰয়চম গোস্বামীৰ আজি নৱম মৃত্যু বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.