ETV Bharat / state

পৰিবহন বিভাগৰ বিৰুদ্ধে সদৌ অসম কেব চালক সন্থাৰ প্ৰতিবাদ

author img

By

Published : Feb 22, 2020, 4:25 PM IST

আজি বিমানবন্দৰত চালক সন্থা একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰে যদি নিজৰ সিদ্ধান্ত সলনি নকৰে তেন্তে জংগী আন্দোলন,আত্মহত্যা আৰু উগ্ৰপন্থী সংগঠনে শেষ পথ বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

সদৌ অসম কেব চালক সন্থাৰ প্ৰতিবাদ
সদৌ অসম কেব চালক সন্থাৰ প্ৰতিবাদ

কামৰূপ, 22 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে বৰঝাৰ বিমান বন্দৰত পৰিবহন বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম কেব চালক সন্থাই ৷ অ'লা-উবাৰৰ চালক সকলৰ লগতে বিমান বন্দৰৰ টেক্সী চালকসকলেও বিভাগটোৰ হঠকাৰী সিদ্ধান্তক লৈ প্ৰতিবাদত নামি পৰে ৷ দৰাচলতে,অসম,অৰুণাচল আৰু মেঘালয়ৰ ৩ খন ৰাজ্যৰ অনুজ্ঞাপত্ৰ লৈ বিগত দিনৰ পৰা অ'লা-উবেৰৰ চালকসকলে গাড়ী চলাই আহিছে কিন্তু এইবাৰ মহানগৰ পৰিবহন বিভাগে বান্ধি দিছে নতুন নিয়ম ৷

সদৌ অসম কেব চালক সন্থাৰ প্ৰতিবাদ

এতিয়াৰ চালকসকলে মহানগৰীত গাড়ী চলাবলৈ হ'লে পৰিবহন বিভাগক গুৱাহাটী মহানগৰীৰ অনুজ্ঞাপত্ৰ দেখুৱাব লাগিব ৷ 3 খন ৰাজ্যৰ অনুজ্ঞাপত্ৰ থকাৰ পিছতো গুৱাহাটীত পৰিবহন বিভাগে কেবৰ পৰা মহানগৰীৰ অনুজ্ঞাপত্ৰ বিচৰা নিয়মক লৈ এতিয়া পৰিবহন বিভাগৰ ওপৰত সৰৱ হৈ পৰিছে কেব চালক সন্থা ৷ ইয়াৰোপৰি চালকসকলৰ অনুজ্ঞাপত্ৰ নাথাকিলে ১০হাজাৰ টকা জৰিমনা ভৰিব লাগিব ৷ বিভাগটোৰ এই সিদ্ধান্তৰ বাবে এতিয়া প্ৰতিবাদত নামি পৰিছে কেব চালক সন্থা ৷

লগতে পঢ়কঃ অবিশ্বাস্যঃ এটা বৃহৎ মাছৰ পেটৰ পৰা ওলাল অসংখ্য মাছ

আজি বিমানবন্দৰত চালক সন্থা একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰে যদি নিজ সিদ্ধান্ত সলনি নকৰে তেন্তে জংগী আন্দোলন,আত্মহত্যা আৰু উগ্ৰপন্থী সংগঠনে শেষ পথ বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.