ETV Bharat / state

Bharat Jodo Yatra: বংগ বিভাজনৰ পৰা পাকিস্তানৰ সৃষ্টিলৈকে কংগ্ৰেছে হাত উজান দিছিল; দিলীপ শইকীয়া

author img

By

Published : Nov 11, 2022, 9:29 PM IST

ৰাজ্যজুৰি চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra in Assam) । ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (State BJP president Bhabesh Kalita) । আনহাতে ভাৰত জোড়ো যাত্ৰাক তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়াই(BJP national general secretary Dilip Saikia) ।

bjp leader against bharat jodo yatra
ভাৰত জোড়ো যাত্ৰাৰ সমালোচনা ভৱেশ কলিতা দিলীপ শইকীয়াৰ

ৰঙিয়া,১১ নৱেম্বৰ: কংগ্ৰেছৰ ভাৰত জোড়ো অভিযানৰ বিষয়ে ৰঙিয়াত তীৰ্যক মন্তব্য অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ(State BJP president Bhabesh Kalita) । তেওঁ কয় যে, কংগ্ৰেছত ভাৰত জোড়ো(Congress Bharat Jodo Yatra) নহয় কংগ্ৰেছ ছোড়ো হে হৈ আছে । সাংবাদিকে ৰঙিয়াৰ বিধায়ক গৰাকীক কংগ্ৰেছৰ ভাৰত জোড়ো বিজেপিৰ ৰথ যাত্ৰাৰ বাবে প্ৰত‍্যাহ্বান হ'ব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত কয় যে, বিজেপিৰ ৰথ যাত্ৰা পূৰ্বৰে পৰা হৈ আছে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ আহ্বান মৰ্মে বিজেপিৰ এছ চি মৰ্চাই বৰ্তমান অসমৰ বিভিন্ন ঠাইত ৰথ যাত্ৰা চলাই আছে । ধেমাজিৰ পৰা আৰম্ভ হোৱা ৰথ যাত্ৰাৰ অন্ত আগন্তুক ২৬ নৱেম্বৰত বৰপেটাত পৰিব । গতিকে বিজেপিয়ে নিজৰ দিশত গতি অব্যাহত ৰাখিছে । আনহাতে ক্ষমতাত নথকাৰ সময়তে বহুধা বিভক্ত কংগ্ৰেছ দল ইতিমধ্যে বহুলোকে ত‍্যাগ কৰিলে (Bhabesh Kalita slams Bharat Jodo Yatra) ।

লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সম্পৰ্কে মন্তব্য কৰি নেতা গৰাকীয়ে কয় যে, দুয়োটা দলে এটাই আনটোক এৰি থাকিব নোৱাৰে । ৰাইজৰ সন্মুখত বেলেগ হৈ থকা দেখুৱালেও দুয়োটা দলে এটাই আনটোক এৰিব নোৱাৰে ।

ভাৰত জোড়ো যাত্ৰাৰ সমালোচনা ভৱেশ কলিতা দিলীপ শইকীয়াৰ

ইফালে ভাৰত জোড়ো কাৰ্যসূচী(Congress Bharat Jodo Yatra in Assam) সন্দৰ্ভত মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়াই(BJP national general secretary Dilip Saikia) । কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচী সন্দৰ্ভত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাৰত জোড়োৰ নামত মিঞা, মুছলমানৰ হৈ কাম কৰিব বুলি কথা পাতি আছে (Dilip Saikia slams Bharat Jodo Yatra) ।

কিন্তু বিজেপিয়ে কোনো হিন্দু বা মুছলমানৰ বাবে ৰাজনীতি নকৰে । বিজেপিয়ে সদায় বিকাশৰ ৰাজনীতি কৰে । কংগ্ৰেছে ভাৰত জোড়োৰ ক্ষেত্ৰত তেওঁলোকৰ দিনত কোনো কাম নকৰিলে । বংগ বিভাজনৰ পৰা পাকিস্তানৰ সৃষ্টিলৈকে, বিভিন্ন প্ৰদেশ সৃষ্টিটো কংগ্ৰেছে হাত উজান দিছিল বুলি মন্তব্য কৰে । জাতি, ধৰ্ম, ভাষাৰ ভিত্তিত ৰাজনীতি কৰা কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই দেশৰ ১৩০ কোটি জনতাৰ কোনো স্বাৰ্থ সিদ্ধি নকৰে বুলি কটাক্ষ কৰে ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.