ETV Bharat / state

বকোত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

author img

By

Published : Dec 30, 2020, 4:04 PM IST

বকোত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ উক্ত সভাত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ৷

BJP Executive meeting in boko kamrup assam etv bharat news
বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

বকো,30 ডিচেম্বৰ: কামৰূপৰ বকোত বুধবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিৰ্বাহক সভা ৷ দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ লগতে দলটোৰ সাধাৰণ সম্পাদক ফণী শৰ্মাই ৷

বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ সকলো কৰ্মকৰ্তাক অধিক সক্ৰিয় কৰি তোলাৰ অৰ্থে এই সভা অনুষ্ঠিত কৰা হোৱা বুলি সাংসদ কুইন ওজাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ পূৰ্বৰ পৰা বৰ্তমানলৈকে বকো আৰু ছয়গাঁও সমষ্টি কংগ্ৰেছৰ অধীনত আছে ৷ 2021 চনৰ নিৰ্বাচনত এই দুই আসন গেৰুৱা বাহিনীয়ে দখল কৰিব বুলি আশাবাদী গুৱাহাটীৰ সাংসদগৰাকী ৷

লগতে চাওকঃ সত্যৰঞ্জন বৰাক উভতি ধৰিলে মুক্তাৰ হুছেইন খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.