ETV Bharat / state

বিজয় সংকল্প সমাবেশত প্ৰতিকূল বতৰৰ বিধি-পথালি

author img

By

Published : Mar 26, 2019, 11:22 PM IST

বেয়া বতৰৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্যিক বিজেপি সভাপতি ৰনজিৎ দাস,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ পুত্ৰ প্ৰেমত প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এ আই ইউ ডি এফৰ ওচৰত আত্মসমৰ্পন কৰাৰ অভিযোগ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ

QUEEN OJHA

আজাৰা , 26 মাৰ্চ : সমাগত দেশৰ সাধাৰণ নিৰ্বাচন । দেশৰ সাধাৰণ নিৰ্বাচন তথা লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ মাজত দেখা পোৱা গৈছে ব্যাপক নিৰ্বাচনী প্ৰস্তুতি । মংগলবাৰে গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰ শ্যামভুমি খেলপথাৰত অনুষ্ঠিত হয় 7নং গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোটৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ"বিজয় সংকল্প সমাবেশ" ।

কুইন ওজাৰ বিজয় সংকল্প সমাবেশত প্ৰতিকূল বতৰৰ বিধি-পথালি


সমাবেশখনত মিত্ৰজোটৰ বহু কেইগৰাকী মন্ত্ৰী-বিধায়ক তথা সাংসদ বিজয়া চক্ৰৱৰ্তীও উপস্থিত থাকে । ভাৰতীয় জনতা পাৰ্টিয়ে কথাৰে নহয় কামেৰে মহিলাক সন্মান কৰাৰ বাবেই গুৱাহাটীৰ দৰে সমষ্টিত তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বুলিও লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই মন্তব্য কৰে ৷ সমাবেশত উপস্থিত থকা বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰি কয় যে হু ইজ বদৰুদ্দিন বুলি মন্তব্য কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে পুত্ৰ প্ৰেমত পৰি এ আই ইউ ডি এফৰ ওচৰত আত্মসমৰ্পন কৰিছে ৷

সভাখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যিক বিজেপি সভাপতি ৰনজিৎ দাস,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে সভাত উপস্থিত নাথাকিল নেতাকেইজন । বেয়া বতৰে সমাবেশখনত যথেষ্ট প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায় ৷ প্ৰথম অৱস্থাত কেইবাহাজাৰ লোক উপস্থিত থকা সমাবেশখনত শেষলৈ সমৰ্থনকৰ সংখ্যা হ্ৰাস পোৱা দেখিবলৈ পোৱা যায় ৷

Slug:-A_Kam_Azara_BJP_Meeting_811-818_vis+bite+photo_Ajay_Das

আজাৰাৰ VIP ত বিজেপি বিজয় সকল্প সমাবেশ ।

Vo...আজাৰাৰ VIP ত বিজেপি বিজয় সকল্প সমাবেশ । হয় সমাগত দেশৰ সাধাৰণ নিৰ্বাচন । আৰু এই দেশৰ  সাধাৰণ নিৰ্বাচন তথা লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমুহক দেখা পোৱা গৈছে ব্যাপক নিৰ্বাচনী  প্ৰস্তুতি । মংগলবাৰে গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰ VIP চ'কৰ শ্যামভুমি খেলপথাৰত  ৭'নং  গুৱাহাটী লোক সভা সমষ্টিৰ মিত্ৰজোটৰ বিজেপি প্ৰাৰ্থী কুইন ওজা ৰ  "বিজয় সংকল্প সমাবেশ" । এই সমাবেশত মিত্ৰজোটৰ বহু কেইগৰাকী মন্ত্ৰী-বিধায়ক তথা সাংসদ বিজয়া চক্ৰৱৰ্তীও উপস্থিত থাকে । প্ৰথম অৱস্থাত প্ৰায় ১০ হেজাৰ লোকৰ সমাবেশ হৈছিল যদিও পিছলৈ মাত্ৰ দুই-তিনি হেজাৰ লোকেৰে এই বিজয় সংকল্প সমাবেশৰ অন্ত পেলায় । ইপিনে এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যিক বিজেপি সভাপতি ৰনজিৎ দাস,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে সভাত উপস্থিত নাথাকিল নেতাকেইজন ।

Bite...কুইন ওজা ।

গুৱাহাটী লোকসভা সমষ্টিৰ ১০ টা সমষ্টিৰ ভিতৰত পশ্চিম গুৱাহাটী সমষ্টিত আটাইতকৈ বেছি ভোট দি শীৰ্ষত থকাৰ প্ৰতিযোগীতাত থাকিব ৰমেন্দ্ৰ নাৰায়ন কলিতা ।

Bite..ৰমেন্দ্ৰ নাৰায়ণ কলিতা ।

উল্লেখ্য যে সভা চলি থকাৰ মাজতেই বিজেপি সমৰ্থক সকল সভা ত্যাগ কৰা দেখা গ'ল । সভাৰ পেণ্ডেলো ভাঙি পেলাইছিল ধুমুহা বতাহে অৱশ্যে বতৰৰ কিছু ভাল হোৱাত ততাতৈয়াকৈ সভাৰ পেণ্ডেল গাঠি অনুস্থিত কৰে সভা ।


দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.