ETV Bharat / state

বাইহাটাত চন্দ্ৰমোহন-দিগন্তৰ চেনিটাইজেচন

author img

By

Published : May 19, 2021, 11:38 AM IST

কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে বাইহাটা চাৰিআলিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চেনিটাইজেচন কাৰ্যসূচীত ভাগ লয় ৷ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই চেনিটাইজেচন কাৰ্যসূচী ৷

মন্ত্ৰী চন্দ্ৰ মোহনৰ পাটোৱাৰীৰ দ্বাৰা বাইহাটা চাৰিআলি চেনিটাইজেচন কাৰ্যসূচী
মন্ত্ৰী চন্দ্ৰ মোহনৰ পাটোৱাৰীৰ দ্বাৰা বাইহাটা চাৰিআলি চেনিটাইজেচন কাৰ্যসূচী

বাইহাটা,19 মে’: কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে বাইহাটা চাৰিআলিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চেনিটাইজেচন কাৰ্যসূচীত ভাগ লয় ৷ চেনিটাইজেচন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যত ক’ভিড প্ৰতিষেধকৰ অভাৱ হোৱা নাই বুলি মন্তব্য কৰে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ চেনিটাইজেছন কাৰ্যসূচীত অংশগ্ৰহণ

মন্ত্ৰীজনে বাইহাটা চাৰিআলি চ'ক চেনিটাইজ কৰি চেনিটাইজেচন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত এই চেনিটাইজেচন কাৰ্যসূচী হাতত লোৱা হয় ৷ মন্ত্ৰীজনে কৰ’ণা মহামাৰীক লৈ বেছি চিন্তিত হোৱাৰ দৰকাৰ নাই বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যত পৰ্যাপ্ত পৰিমাণে ঔষধ আৰু প্ৰতিষেধক মজুত থকা বুলি সদৰী কৰে ।

স্থানীয় বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচী

ইয়াৰ লগতে সজাগতা বৃদ্ধি কৰি মহামাৰীৰ পৰা পৰিত্ৰাণ পাব পাৰিব বুলিও চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰে । আনহাতে চ’ক বজাৰত চেনিটাইজেচন কাৰ্যসূচীত বিধায়ক দিগন্ত কলিতাৰ লগতে কামৰূপ(গ্ৰাম্য) জিলাৰ আৰক্ষী অধীক্ষকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: লংকাত স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা বিধায়ক ৰামকৃষ্ণ ঘোষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.