ETV Bharat / state

চিকিৎসালয়ৰ পৰিত্যক্ত গৃহত ধৰ্ষণ কিশোৰীক

author img

By

Published : Jul 23, 2020, 12:42 PM IST

Updated : Jul 30, 2020, 5:18 PM IST

হত্যা আৰু অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ ইতিমধ্যে আৰক্ষীয়ে দুই পাষণ্ডক গ্ৰেপ্তাৰ কৰিছে ৷

baihata-mainor-girl-rape-two-arrested
চিকিৎসালয়ৰ পৰিত্যক্ত গৃহত ধৰ্ষণ কিশোৰীক

বাইহাটা,23জুলাইঃ পৰিতক্ত অৱস্থাত থকা চিকিৎসালয়ৰ কোঠাত দুই পাষণ্ডৰ কামনাৰ বলি হ‘ল এগৰাকী চৈধ্য বছৰীয়া কিশোৰী ৷ কামৰূপৰ পানীটেমাট সংঘটিত হয় এই নাৰকীয় ঘটনা ৷ কিশোৰী গৰাকীক হত্যা আৰু অশ্লীল ভিডিঅ ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ উল্লেখযোগ্য যে, চাংসাৰীৰ এটা চৰকাৰী প্ৰতিস্থানৰ অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা কিশোৰী গৰাকীক মাতৃৰ বেমাৰ হোৱা বুলি কৈ হিন্দী চিনেমাৰ কায়দাৰে ভাড়া ঘৰৰ পৰা লৈ আহিছিল দুই পাষণ্ডই ৷ তাৰপাছতেই পৰিত্যক্ত চিকিৎসালয় খনৰ গৃহতে উপৰ্যপৰি ধৰ্ষণ কৰিছিল দু​ই অভিযুক্তই ৷

ইপিনে মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ বাবে মাতৃৰ আগত ঘটনাৰ সবিশেষ অৱগত কৰা নাছিল কিশোৰীগৰাকীয়ে ৷ কিন্তু কিশোৰী গৰাকীৰ শাৰীৰিক অৱস্থাৰ অধিক অবনতি ঘটনাৰ পাছতহে পোহৰলৈ আহিলে সমস্ত ঘটনা । ঘটনাৰ বিষয়ে জানিব পাৰি মাতৃয়ে কমলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে 118/20 নম্বৰত গোচৰ ৰুজু কৰি পবন ডেকা আৰু হিমাংসু দাস নামৰ দুই পাষণ্ডক গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত পৰিতক্ত চিকিৎসালয়খনত দিন দুপৰতে অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ অহাৰ লগতে আৰক্ষীক অঞ্চলটোত অব্যাহত থকা অনৈতিক কাৰ্যকলাপ শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাই ।

লগতে পঢ়কঃ ৰাজ্য়ৰ 26 খন জিলা বানৰ কবলতঃ মৃত্যু 89 গৰাকী

Last Updated : Jul 30, 2020, 5:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.