ETV Bharat / state

ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে দিগন্ত কলিতাই

author img

By

Published : May 3, 2021, 7:05 PM IST

Updated : May 3, 2021, 9:12 PM IST

বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰী পদক লৈ আৰম্ভ হৈছে বিশেষ চৰ্চা ৷ ইপিনে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলি মন্তব্য কৰে কমলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতাই ৷

মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বিধায়ক দিগন্ত কলিতাই
মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বিধায়ক দিগন্ত কলিতাই

বাইহাটা,3 মে': মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কমলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতাই । কমলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কলিতাই সমষ্টিত উপস্থিত হৈয়ে এই মন্তব্য আগবঢ়ায় ।

ইপিনে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় যে, "হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো যদিও কেন্দ্ৰীয় নেতৃত্বই দিয়া সিদ্ধান্তকহে মানি ল'ম" ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে দিগন্ত কলিতাই

আনহাতে, পুঠিমাৰী নদীৰ ভগ্ন মথাউৰিৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিধায়ক গৰাকীয়ে নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ হোৱাৰ পিচতে ক্ষীপ্ৰতাৰে কাম কৰিব বুলি সাংবাদিকৰ আগত স্পষ্টৰূপত প্ৰকাশ কৰে ।

অন্য এক খবৰৰ বাবে: হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অতুল বৰা-কেশৱ মহন্ত

Last Updated : May 3, 2021, 9:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.